গুৱাহাটী, 22 জুলাই : গুৱাহাটী মহানগৰীক সেউজ নগৰী ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে লোৱা অভিলাষী সেউজ গুৱাহাটী প্ৰকল্পক বৃহস্পতিবাৰে আজাৰাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সাংসদ কুইন ওজাই ৷ ধাৰাপুৰৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ প্ৰকল্পৰ এক অংশ উদ্বোধন কৰি সাংসদ কুইন ওজাই জনসাধাৰণক বিশেষকৈ এই বৰ্ষাকালত গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় ৷ উক্ত সময়ত তেওঁৰ সৈতে উপস্থিত থাকে পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকল ৷ ইয়াৰ পাছতে "যিহেতু প্ৰতিদিনেই আমি প্ৰকৃতিৰ পৰা লাভান্বিত হৈছোঁ, তেনেকে আমিও প্ৰকৃতিক দিব লাগিব, নহ’লে পৃথিৱীৰ অন্য প্ৰান্তৰ নিচিনাকৈ আমিও ভুক্তভোগী হ'ব লাগিব" বুলি মন্তব্য কৰে সাংসদ কুইন ওজাই ৷
![mp-queen-oja-formally-inaugurated-green-guwahati-project](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-green-guwahati-project-7209925_22072021204326_2207f_1626966806_363.jpg)
মুখ্য অতিথি হিচাপে বক্তব্য ৰাখি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে,পাঞ্জাবাৰীত অৱস্থিত অৰণ্য ভৱনৰ পৰা বৰঝাৰ, আজাৰাৰ বিমান বন্দৰলৈ এই প্ৰকল্পই সামৰি ল'ব ৷ তেওঁ প্ৰকাশ কৰে যে, এই প্ৰকল্পই উত্তৰ-পূৱ ভাৰতৰ গেটৱে আৰু অসমৰ ৰাজধানী হিচাপে গুৱাহাটী মহানগৰক পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত এক সেউজ আৰু সুন্দৰ চহৰ হিচাপে গঢ় দিব ৷ লগতে তেওঁ সকলো ৰাইজক এই প্ৰকল্পলৈ সহায়ৰ হাত আগবঢ়াই সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায় ৷ বিগত পাঁচ বছৰত 10 কোটি গছপুলি ৰোপণ কৰাৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কেম্পা আৰু ফ্ৰেন্স প্ৰকল্পৰ অধীনত অৱক্ষয় হোৱা বনাঞ্চলত বিস্তৃতভাৱে বৃক্ষৰোপণ কৰা হ'ব ৷
আনহাতে মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, সেউজ আচ্ছাদন বৃদ্ধি কৰিলে হাতীৰ আৱাস অঞ্চল বৃদ্ধি পাব আৰু হাতী-মানৱৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত বনানীকৰণে বিশেষ ভূমিকা ল'ব ৷
![mp-queen-oja-formally-inaugurated-green-guwahati-project](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-green-guwahati-project-7209925_22072021204326_2207f_1626966806_172.jpg)
এক স্বাস্থ্য সমৃদ্ধ জীৱন-যাপন কৰাৰ বাবে প্ৰকৃতিৰ লগত একাত্ম হোৱাটো নিতান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ ৰাউণ্ড টেবল ইণ্ডিয়াক বৃক্ষ কৱচ (ট্ৰী গাৰ্ড) ক্ৰয় কৰাৰ হেতু এই প্ৰকল্পলৈ আৰ্থিক অনুদান আগবঢ়োৱা বাবে ধন্যবাদ জনায় আৰু অন্য সংস্থাসমূহক এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনায় ৷ অনুষ্ঠানত মন্ত্ৰী শুক্লবৈদ্য আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আজাৰা বন্ধু মিলন নাট্য মন্দিৰৰ চৌহদৰ গছপুলি ৰোপণ কৰে ৷
লগতে পঢ়কঃ বৰপেটাৰ পক্ষী নিধন থলীত ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱ