ETV Bharat / state

কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ হৈ প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈয়ে

author img

By

Published : Mar 26, 2021, 10:07 PM IST

শুকুৰবাৰে কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ হৈ প্ৰচাৰ চলাবলৈ সমষ্টিটোত উপস্থিত হ'ল সাংসদ গৌৰৱ গগৈ ৷ প্ৰাৰ্থী গৰাকাৰ সমৰ্থনত উলিওৱা এক বৃহৎ ৰেলীত অংশ গ্ৰহণ কৰে সাংসদ গৰাকীয়ে ৷ কেইবা সহস্রাধিক লোকৰ উপস্থিতিত উলিওৱা এই ৰেলীত সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰে।

কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ হৈ প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈয়ে
কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ হৈ প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈয়ে

বাইহাটা,26মাৰ্চ: সৰ্বত্ৰে এতিয়া নিৰ্বাচনৰ গৰম বতাহ। আন আন সমষ্টিসমূহৰ দৰে কমলপুৰ সমষ্টিটো দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা । শুকুৰবাৰে কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ হৈ প্ৰচাৰ চলাবলৈ সমষ্টিটোত উপস্থিত হ'ল সাংসদ গৌৰৱ গগৈ ৷ প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত উলিওৱা এক বৃহৎ ৰেলীত অংশ গ্ৰহণ কৰে সাংসদ গৰাকীয়ে ৷ কেইবা সহস্রাধিক লোকৰ উপস্থিতিত উলিওৱা এই ৰেলীত সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰে।

সাংসদ গৰাকীয়ে কয়, ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া শংকিত হৈছে সেয়েহে সমষ্টি উদ্ধাৰৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আনিব লগীয়া হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিলেও কমলপুৰ সমষ্টি উদ্ধাৰ কৰিব নোৱাৰে। কিয়নো কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্য এগৰাকী জনপ্রিয় নেতা আৰু নিকা ভাৱমূৰ্তিৰ ব্যক্তি। সেয়েহে সমষ্টিত কিশোৰ ভট্টাচাৰ্যৰ জয় নিশ্চিত।

লগতে পঢ়ক: বিলাসীপাৰা পূৱ সমষ্টিত ৰাইজৰ দলৰ ব্যাপক প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.