ETV Bharat / state

কৃষি আইনে বিৰাম লগাব মধ্যভোগী দালালক : দিলীপ শইকীয়া

author img

By

Published : Oct 9, 2020, 8:22 PM IST

বিজেপি হৈছে ৰাইজৰ দল ৷ বিজেপিৰ শাসনকালত ঐতিহাসিকভাৱে সকলো ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত চেষ্টা কৰা হৈছে ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই তেওঁলোকৰ অৱস্থা অধিক শোচনীয় কৰিব ৷ কমলপুৰত এখন সভাত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷

দিলীপ শইকীয়া
দিলীপ শইকীয়া

বাইহাটা, 9 অক্টোবৰ: শুকুৰবাৰে কমলপুৰ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত কৃষক সজাগতা সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত দলকে ধৰি বিৰোধী দলৰ বিষয়ে কেতবোৰ মন্তব্য আগবঢ়ায় বিজেপিৰ নেতা তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ তেওঁ উল্লেখ কৰা অনুসৰি, বিজেপি হৈছে ৰাইজৰ দল ৷ বিজেপিক কৃষকৰ পৰা বিশেষভাৱে সক্ষম গৰাকীলৈ সকলো স্তৰৰে লোক আছে আৰু তেওঁলোকৰ আশীৰ্বাদো দলটোৰ সৈতে আছে ৷ ৰাইজে সদায় চৰকাৰখনৰ কামৰ মূল্যায়ণ কৰে ৷ বিজেপিৰ শাসনকালত ঐতিহাসিকভাৱে খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানকে ধৰি, স্বাস্থ্য, কৃষি আদি সকলো ক্ষেত্ৰত অভুতপূৰ্ব পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত চেষ্টা কৰা হৈছে ৷ লগতে বহু ক্ষেত্ৰত সফল হৈছে দলটো ৷ যিটো পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকৰ মাপকাঠী হ'ব ৷ কোনো দলেই বিজেপিৰ এটাও ভোট ক্ষতি কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে ৷

কৃষি আইনে বিৰাম লগাব মধ্যভোগী দাদালক: দিলীপ শইকীয়া

আনহাতে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই তেওঁলোকৰ অৱস্থা অধিক শোচনীয় কৰিব বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ হয়তো এআইইউডিএফে কিছু অঞ্চলত পূৰ্বতকৈ অধিক খোপনি পুতিবলৈ সক্ষম হ'ব বুলিও কয় তেওঁ ৷ ইয়াৰোপৰি তেওঁ শেহতীয়া কৃষি আইনৰ বিষয়েও মন্তব্য প্ৰদান কৰে ৷ তেওঁ কয়, কৃষকৰ উৎপানদৰ সঠিক মূল্য দিয়াৰ বাবে দলটো সংকল্পবদ্ধ আৰু সেই সংকল্পবদ্ধতাক তেওঁলোকে সিদ্ধিলৈ ৰূপান্তৰ কৰিছে ৷ আইনখনে মধ্যভোগী দালালসকলক বিৰাম লগাব ৷

লগতে পঢ়ক: SI কেলেংকাৰী: নলবাৰীত পুনৰ আটক এজন অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.