ETV Bharat / state

লক্ ডাউনে নিৰাশ কৰিব নোৱাৰিলে মোহন কলিতাকঃ বিকল্প পথেৰে আৰম্ভ কৰিছে জীৱন সংগ্ৰাম

author img

By

Published : Aug 2, 2020, 3:35 PM IST

লক ডাউনৰ সময়ত কৰ্মসংস্থাপন হেৰুওৱা একাংশ লোকৰ ভিতৰত অন্যতম ৰঙিয়াৰ মোহন কলিতা ৷ কিন্তু এই কথাত নিৰাশ নহৈ জীৱন সংগ্ৰামত নামি পৰিল পেছাত এগৰাকী নৃত্যশিল্পী মোহন কলিতা ৷ চৰকাৰী সাহায্য বা ভাল দিন পুনৰ ঘূৰি অহালৈ বাট নাচাই লোকগৰাকীয়ে ঘৰতেই আৰম্ভ কৰিলে এখন ছাগলীৰ ফাৰ্ম ৷

ৰঙিয়াৰ মোহন কলিতা
ৰঙিয়াৰ মোহন কলিতা

ৰঙিয়া, 2 আগষ্ট: কামৰ কোনো সৰু-বৰ নাই ৷ সেই কথাই প্ৰমাণ কৰি দেখুৱালে ৰঙিয়াৰ এগৰাকী উদ্যমী নৃত্য শিল্পীয়ে ৷ সময়ৰ পৰিৱৰ্তন অনুযায়ী শিল্পী গৰাকীয়ে জীৱন ধাৰণৰ বাবে বাছি ল'লে এক ব্যতিক্ৰমী কাম ৷ উল্লেখ্য যে, লক ডাউনৰ সময়ত কৰ্মসংস্থাপন হেৰুওৱা একাংশ লোকৰ ভিতৰত আছে ৰঙিয়াৰ মোহন কলিতাও ৷ কিন্তু নিৰাশ নহৈ জীৱন বাটত আগুৱাই গ'ল তেওঁ ৷

কৰ্ম সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিলে ৰঙিয়াৰ মোহন কলিতাই

পেছাত মোহন কলিতা এগৰাকী নৃত্যশিল্পী আৰু অভিনেতা হোৱাৰ লগতে, এখন নৃত্য প্ৰশিক্ষণ কেন্দ্ৰৰো তেওঁ স্বত্বাধিকাৰী ৷ কিন্তু লক ডাউন আৰম্ভ হোৱাৰ পাচতে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি, স্বাস্থ্য বিধি ৰক্ষাৰ স্বাৰ্থত তেওঁ বন্ধ কৰিবলগীয়া হয় তেওঁৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰটো ৷ তাৰ পাচতেই আৰ্থিক অভাৱৰ সন্মুখীন হ'বলগীয়া হয় শিল্পী গৰাকীৰ লগতে তেওঁৰ পৰিয়ালে ৷ প্ৰাৰম্ভিক অৱস্থাত তেওঁ যথেষ্ট আৰ্থিক সংকটত ভুগিছিল যদিও, মনোবল অটুট আছিল তেওঁৰ ৷ চৰকাৰী সাহায্য বা ভাল দিন পুনৰ ঘূৰি অহালৈ বাট নাচাই লোকগৰাকীয়ে ঘৰতেই আৰম্ভ কৰিলে এখন ছাগলীৰ ফাৰ্ম ৷ কিয়নো বজাৰত বহুল চাহিদা আছে ছাগলী মাংসৰ ৷ সম্প্ৰতি সুচাৰুকৈ চলিছে মোহন কলিতাৰ ব্যৱসায়ৰ লগতে পৰিয়াল ৷ প্ৰথমাৱস্থাত আনৰ পৰা ছাগলী ক্ৰয় কৰি বিক্ৰী কৰা মোহন কলিতাই বৰ্তমান, নিজাৰ ফাৰ্মতে ছাগলী উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ নিজকে অসমীয়া বুলি গৌৰৱ কৰা মোহন কলিতাৰ মতে, কৰ্মত কোনো লাজ নাই ৷ যিসকলে সন্মানৰ খাটিৰত আজি পেটট গাঁঠি দি ঘৰতে বহি আছে, তেওঁলোককো নিজৰ পেটৰ কথা চিন্তা কৰি সৰুকৈ হ'লেও কোনো কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনালে, ৰঙিয়াৰ উদ্যমী ব্যক্তি গৰাকীয়ে ৷ সম্প্ৰতি তেওঁ পৰৱৰ্তী সময়ত তেওঁৰ ব্যৱসায় বৃদ্ধি কৰাৰো পৰিকল্পনা কৰি আছে ৷

লগতে পঢ়ক: COVID-19ক পৰাস্ত কৰি অসমৰ প্ৰায় 40 আৰক্ষীৰ প্লাজমা দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.