ETV Bharat / state

বকোত মিচিং লোকনৃত্যৰ ৫ দিনীয়া কৰ্মশালা

author img

By

Published : Feb 13, 2021, 4:35 PM IST

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে মিচিং লোকনৃত্যৰ ৫ দিনীয়া কৰ্মশালা । যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত গোমৰাগ নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে ৪০ গৰাকী ছাত্ৰীক । অহা ১৭ ফেব্ৰুৱাৰীত বকোত অনুষ্ঠিত হ'বলগীয়া আলি আয়ে লৃগাং উৎসৱৰ কাৰ্যসূচীত এই ছাত্ৰীসকলে গোমৰাগ নৃত্য পৰিৱেশন কৰিব ।

বকোত মিচিং লোকনৃত্যৰ ৫ দিনীয়া কৰ্মশালা
বকোত মিচিং লোকনৃত্যৰ ৫ দিনীয়া কৰ্মশালা

বকো, ১৩ ফেব্ৰুৱাৰী: প্ৰথমবাৰৰ বাবে বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে মিচিং লোকনৃত্যৰ প্ৰশিক্ষণ । ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বকো সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু মিচিং সমাজ বকো, ড০ ভূপেন হাজৰিকা সাংস্কৃতিক আৰু সৃষ্টিশীল অধ্যয়ণ কেন্দ্ৰৰ সহযোগত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত ৫ দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে । এই কৰ্মশালাত গোমৰাগ নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে ।

বকোত মিচিং লোকনৃত্যৰ ৫ দিনীয়া কৰ্মশালা

৫ দিনীয়া কৰ্মশালাত মুঠ ৪০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই নৃত্য কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে বিশিষ্ট ঢোল বাদক হেম চন্দ্ৰ কুটুমে ছাত্ৰীসকলক প্ৰশিক্ষণ দিছে । নৃত্য প্ৰশিক্ষণত সহযোগিতা আগবঢ়াইছে দেৱজিৎ পেগুৱে । উল্লেখ্য যে, বকোত প্ৰথমবাৰৰ বাবে পালন কৰা হ'ব মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ আলি আয়ে লৃগাং । অহা ১৭ ফেব্ৰুৱাৰী অৰ্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মিচিং জনগোষ্ঠীৰ লোকৰ সমান্তৰালকৈ বকোতো আলি আয়ে লৃগাং উৎসৱ উদযাপন কৰা হ'ব ।

সেয়েহে, এই উৎসৱৰ লগত সংগতি ৰাখি বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে গোমৰাগ নৃত্যৰ কৰ্মশালা । এই কৰ্মশালাত অংশ লোৱা প্ৰশিক্ষাৰ্থীসকলে অহা ১৭ ফেব্ৰুৱাৰীত বকোত অনুষ্ঠিত হ'বলগীয়া আলি আয়ে লৃগাং উৎসৱৰ কাৰ্যসূচীত গোমৰাগ নৃত্য পৰিৱেশন কৰিব । মিচিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰৰ অৰ্থে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে মন্তব্য কৰিছে পৰ্যটন তথ্য বিষয়া ডেনি গামে ।

লগতে পঢ়ক:আমগুৰিত ভূ-কম্পন জৰীপ বন্ধৰ দাবীত আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.