ETV Bharat / state

লুৰিণজ্যোতিয়ে ভাড়াতীয়া লোকেৰে সভা পাতিছে : ভৱেশ কলিতা

author img

By

Published : Jan 10, 2021, 5:21 PM IST

লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ভাড়া কৰি অনা লোকেৰে সভা অনুষ্ঠিত কৰাৰ অভিযোগ ৷ অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ বিৰুদ্ধে এই অভিযোগ ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ৷ সভা অনুষ্ঠিত কৰিবলৈ মানুহৰ অভাৱ হ'লে তেওঁক জনোৱাৰ আহ্বান মন্ত্ৰীগৰাকীৰ ৷

minister bhabesh kalita alleges lurinjyoti of organizing meeting with rented people
লুৰিণজ্যোতিয়ে ভাড়াতীয়া লোকেৰে মিটিঙ পাতিছে:ভৱেশ কলিতা

ৰঙিয়া, 10 জানুৱাৰী : অসম জাতীয় পৰিষদৰ সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ভাড়া কৰি অনা লোকেৰে সভা অনুষ্ঠিত কৰাৰ অভিযোগ ভৱেশ কলিতাৰ ৷ ৰঙিয়াত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহৰ পাছতেই এই মন্তব্য কৰিছে ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৷

লুৰিণজ্যোতিয়ে ভাড়াতীয়া লোকেৰে মিটিং পাতিছে:ভৱেশ কলিতা

লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ভাড়াতীয়া লোকেৰে সভা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, "সভা পাতিলে আমি বেয়া নাপাও ৷ কিন্তু সমষ্টিৰ মানুহেৰে সভা পাতিব লাগে ৷ বেলেগ সমষ্টিৰ মানুহ আনি তেওঁলোকে সভা পাতিছে ৷ সভাত মানুহো কম হৈছে ৷" কম মানুহেৰে সভা অনুষ্ঠিত কৰা বুলি কটাক্ষ কৰি কলিতাই লগতে কয় যে যদি মানুহৰেই অভাৱ আছিল তেতিয়াহলে মোক ক'ব লাগিছিল ৷ মই মানুহ গোটাই দিলো হেতেন ৷"

শনিবাৰে ৰঙিয়াৰ ঈদগাহ ময়দানত এজেপি (অসম জাতীয় পৰিষদ) ৰ এখন সভা অনুষ্ঠিত হোৱাৰ পাছতেই দেওবাৰে মন্ত্ৰী গৰাকীয়ে ৰঙিয়া কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এনে ধৰণৰ কটাক্ষ সূচক মন্তব্য কৰে ৷
লগতে পঢ়ক:ৰিপুণ বৰাই পি চিদাম্বৰামৰ পৰা ধমকি খোৱাতো সাধাৰণ কথা : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.