ৰঙিয়া, 3 নৱেম্বৰ : সুদীৰ্ঘ 8 মাহ ধৰি যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ হৈ থকাৰ বাবে সাধাৰণ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ'বলগা হৈছে ৷ বিশেষকৈ বিভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰা লোকসকলে বাছত অধিক ভাড়া বহন কৰি যাতায়ত কৰি আহিছে । আনহাতে, সোমবাৰৰ পৰা স্কুল-কলেজ সমূহো আৰম্ভ হৈছে । বহু ছাত্ৰ-ছাত্ৰীয়ে ৰঙিয়াৰ লগতে বিভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ নিতৌ অহা-যোৱা কৰি অধ্যয়ন কৰে । ৰেলত MST টিকটৰ জৰিয়তে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ মাহত মাত্ৰ 270 টকাত যাতায়ত কৰিব পাৰি যদিও বৰ্তমান বাছত অহা-যোৱা কৰা বাবে সাধাৰণ লোকৰ দৈনন্দিন প্ৰায় 200 টকাকৈ মাহত 4-5 হাজাৰ টকা খৰছ হৈছে ৷
বাছত এনে ব্যয়বহুল যাত্ৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যক্তিগত খণ্ডত কাম কৰা লোকৰ বাবে বৃহৎ সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে ক'ভিড প্ৰট'কলৰ নিয়ম নিৰ্ধাৰণ কৰি যাত্ৰীবাহী ৰেল আৰম্ভ কৰাৰ বাবে দাবী জনাইছে ৰঙিয়াৰ সচেতন লোকে । ইতিমধ্যে ৰঙিয়াৰ ডিআৰএমক প্ৰাক্তন বিধায়ক অনন্ত ডেকাসহ বহু কেইগৰাকী সচেতন লোকে ৰাজ্যত শীঘ্ৰে ৰাইজৰ সুবিধাৰ্থে যাত্ৰীবাহী ৰেল চলাচল আৰম্ভ কৰাৰ বাবে দাবী জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷
উল্লেখ্য যে, দিল্লী-মুম্বাইলৈ যোৱা দূৰণিবটীয়া এক্সপ্ৰেছ ৰেলৰ চলাচল বহু দিন পূৰ্বেই আৰম্ভ কৰিছে যদিও স্থানীয় যাত্ৰীবাহী ৰেলৰ চলাচল বৰ্তমানলৈকে বন্ধ হৈ আছে । যাৰ বাবে অতি কম খৰছত ৰেলত অহা-যোৱা কৰা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ।
লগতে পঢ়ক : দোষীৰ শাস্তিৰ দাবীত টিংখাং বাসীৰ প্ৰতিবাদ