ETV Bharat / state

Massive storm in Rangia: ধুমুহাত বিধ্বস্ত ঘৰ, ঈদৰ বজাৰ এৰি টিনপাত কিনাত ব্যস্ত ৰাইজ - ধুমুহাই চলালে তাণ্ডৱ

ৰঙিয়াৰ কেন্দুকোনা অঞ্চলত ধুমুহাই চলালে তাণ্ডৱ (massive storm in Rangia) ৷ ফুটা টিনপাত মূৰৰ ওপৰত লৈ ৰাইজে বিচাৰিছে চৰকাৰৰ সহায় ৷ ঈদৰ বজাৰত টিনপাতৰ ব্যৱসায়ীয়ে গ্ৰাহকক শোধাই মাধমাৰ ৷

massive storm
ৰঙিয়াত ধুমুহা
author img

By

Published : Apr 21, 2023, 10:58 PM IST

ৰঙিয়াত ধুমুহা

ৰঙিয়া, 21 এপ্ৰিল: বৃহস্পতিবাৰে নিশা অহা এক প্ৰচণ্ড ধুমুহা-বৰষুণে পুনৰ চুই যায় ৰঙিয়াৰ কেন্দুকোনা অঞ্চলক । ৰঙিয়াৰ কেন্দুকোনাৰ কছৰুৱা, চেপাটোলাকে ধৰি প্ৰায় ভাগ অঞ্চলতে ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে । শিলাবৃষ্টি আৰু ধুমুহাই বহু লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰে । কেইবাটাও ঘৰ ভাঙি পৰে আৰু ঘৰৰ টিন পাত উৰুৱাই লৈ যায় । ধুমুহা-বৰষুণত আলাই-আথানি নোহোৱা হৈছে সাধাৰণ জনতাৰ ।

প্ৰবল ধুমুহা আৰু শিলা বৃষ্টিপাতৰ ফলত বহু মানুহৰ ঘৰ দুৱাৰৰ লগতে গছ-গছনি উভালি পৰে । কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে নিৰ্মাণ কৰা সপোনৰ ঘৰটো মুহূৰ্ততে ধ্বংস হৈ যোৱাত মূৰে কপালে হাত দিছে দৰিদ্ৰ লোকসকলে । বহু পৰিয়ালৰ ঘৰ-দুৱাৰ সমূহৰ ক্ষতি হোৱাত এক আতংকময় তথা অভাৱনীয় পৰিবেশৰ সৃষ্টি হৈছে । এই সকল দুৰ্ভগীয়া পৰিয়ালে এতিয়া চৰকাৰৰ সাহাৰ্যলৈ অপেক্ষা কৰি আছে (Massive storm hits various places of Rangia ) ।

ধুমুহাই টিন ফুটা কৰি পেলোওৱাৰ ফলত ঈদৰ বজাৰ কৰিবলৈ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত । এদিনৰ ভিতৰতে নিজ মইমতালিৰে অত্যাধিক হাৰত টিনপাতৰ দাম বৃদ্ধি কৰিছে টিনপাতৰ ব্যৱসায়ীসকলে । সকলো দেখি, শুনিও অধিক মূল্যত টিনপাত ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৰঙিয়াৰবাসী । কিয়নো এদিন পূৰ্বে হঠাৎ অহা বৰদৈচিলা আৰু শিলাবৃষ্টিয়ে ৰঙিয়াৰ ধুহিবালা, ডিমু, বালিসত্ৰ, কেন্দুকোনা, বালিসত্ৰ, মৰাণজানা, দ্বাৰকুছি, মাদৈকাটা আদি অঞ্চলত বিস্তাৰ ক্ষতিসাধন কৰিছে । বহু লোকৰ ঘৰ ভাঙি পৰে আৰু অধিকাংশ লোকৰ ঘৰৰ টিন পাতবোৰ ছিদ্ৰৰে ভৰি পৰে ।

ধুমুহা-বৰষুণত আলাই-আথানি নোহোৱা হৈছে বহু পৰিয়ালৰ । যাৰ বাবে তেওঁলোকে যিকোনো প্ৰকাৰে টিনপাত কিনিবলৈ বাধ্য হৈছে । কোনোৱে যদি ঘৰৰ সকলো সোণৰ আ-অলংকাৰ বিক্ৰী কৰি টিনপাত ক্ৰয় কৰিবলৈ আহিছে, আন কোনোৱে আকৌ হালৰ গৰু বিক্ৰী কৰি অথবা সুতত টকা লৈ হ’লেও টিনপাত ক্ৰয় কৰিবলৈ আহিছে বজাৰলৈ । ইয়াৰে সম্পূৰ্ণ সুযোগ লাভ কৰিছে ৰঙিয়াৰ টিনপাতৰ ব্যৱসায়ীসকলে ।

নিজ মইমতালিৰে টিনপাতৰ অত্যধিক মূল্য লৈছে ভুক্তভোগী গ্ৰাহকসকলৰ পৰা । আন একাংশ ব্যৱসায়ীয়ে আকৌ টিনপাতৰ নাটনি দেখুৱাই ৫০ শতাংশলৈ দাম বৃদ্ধি কৰি দাম নিৰ্ধাৰণ কৰিছে টিনপাতৰ । সেয়ে এতিয়া ভুক্তভোগী গ্ৰাহকসকলে মহকুমা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে । লগতে ধুমুহা আৰু শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য প্ৰদানৰ দাবী জনাইছে চৰকাৰক (sudden price hike of tin shade) ।

লগতে পঢ়ক : Buffalo syndicate in Assam: অসমত ম’হ ছিণ্ডিকেটৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.