ETV Bharat / state

ক'ভিড চেন্টাৰৰ পৰা কৰ্মচাৰীক অব্যাহতিঃ চাংসাৰীত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Sep 21, 2020, 5:15 PM IST

চাংসাৰীত ক'ভিড-19 চেন্টাৰত উত্তপ্ত পৰিস্থিতি ৷ কৰ্মচাৰীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ কামৰ পৰা অব্যাহতি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কৰ্মচাৰীৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ ভুক্তভোগীৰ ৷

Massive Protest By Corona Workers In Kamrup Changsari
ক'ভিড চেন্টাৰৰ পৰা কৰ্মচাৰীক অব্যাহতি দিয়াক লৈ চাংসাৰীত উত্তপ্ত পৰিস্থিতি

চাংসাৰি, 21 ছেপ্তেম্বৰ : কৰ'ণা আক্ৰান্ত ৰোগীৰ বাবে কামৰূপ জিলাৰ ভিন্ন প্ৰান্তত স্থাপন কৰা ক'ভিড চিকিৎসালয় আৰু কোৱাৰান্টাইন কেন্দ্ৰত কামৰূপ জিলা প্ৰশাসনে 6 মাহৰ বাবে ঠিকাভিত্তিক চাফাই কৰ্মী হিচাপে নিযুক্তি প্ৰদান কৰা প্ৰায় 150 গৰাকী চাফাই কৰ্মীৰ ভিতৰত জিলা প্ৰশাসনে 95 গৰাকী চাফাই কৰ্মীক বৰ্খাস্ত কৰাক কেন্দ্ৰ কৰি সোমবাৰে সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত মে' মাহত প্ৰশাসনে বিজ্ঞাপন প্ৰকাশ কৰি সাক্ষাৎকাৰৰ গ্ৰহণ কৰি চাফাই কৰ্মী সকলক 6 মাহৰ বাবে নিযুক্তি প্ৰদান কৰিছিল । সেই মৰ্মে চাফাই কৰ্মী সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰ'ণা আক্ৰান্ত ৰোগী সকলৰ সেৱা কৰাৰ লগতে চাফাই কৰ্মত নিয়োজিত হৈ আছিল । কিন্তু কামৰূপ জিলা প্ৰশাসনে হঠাৎ 95 গৰাকী চাফাই কৰ্মীক কৰ্মৰ পৰা বৰ্খাস্ত কৰাৰ বাৰ্তা প্ৰেৰণ কৰাত চাফাই কৰ্মী সকল ক্ষোভিত হৈ পৰে ।

6 মাহৰ বাবে ঠিকাভিত্তিক নিযুক্তি প্ৰদান কৰা চাফাই কৰ্মী সকলক কিহৰ বাবে তিনিমাহতে প্ৰশাসনে বৰ্খাস্ত কৰিলে বুলিও ভুক্তভোগী কৰ্মীসকলে প্ৰশ্ন কৰে । অনাগত সময়ত চাফাই কৰ্মী সকলৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে অন্যথা চাফাই কৰ্মী সকলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : হোজাইৰ কাকীত কাঠফলা মিল উৎখাত বন বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.