ৰঙিয়া, 11 জুলাই : ৰঙিয়াত দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19 ৰ আক্ৰান্তৰ সংখ্যা । কিন্তু ইয়াৰ পাচতো ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত একাংশ লোকে পালন কৰা নাই লক ডাউনৰ কোনো নীতি নিয়ম,মানা নাই সামাজিক দুৰত্বও ।
চিকিৎসালয়খনৰ প্ৰসূতি বহিঃ বিভাগত ৰাতিপুৱাৰ পৰাই দেখা গৈছে ব্যাপক ভিৰ । চিকিৎসকে বাৰে বাৰে সামাজিক দুৰত্ব মানি শাৰি পাতিবলৈ নিৰ্দেশ দিছে যদিও একাংশ লোকে চৰম উলংঘা কৰি আহিছে নিয়ম সমূহ ৷
কৰ’ণা ভাইৰাছৰ বাবে চিকিৎসালয়খনৰ পৰা একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী লৈ যোৱা হৈছে কোভিড-19 হাস্পতাললৈ । যাৰ বাবে ৰোগী অনুপাতে হাস্পতালখনত চিকিৎসক বা স্বাস্থ্য কৰ্মীৰ অভাৱ দেখা পোৱা গৈছে ৷ ফলত যথেষ্ট ভিৰ হৈছে চিকিৎসা কৰিবলৈ অহা ৰোগীৰ সংখ্যাৰ ৷
আনহাতে প্ৰসূতি বহিঃ বিভাগৰ এগৰাকী চিকিৎসকেই চিকিৎসা কৰিবলগীয়া হৈছে গৰ্ভৱতী মহিলাসকলক । যাৰ বাবে চিকিৎসকো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।