ETV Bharat / state

ৰঙিয়াত শংকৰ-আজান স্বচ্ছতা সেৱা সংস্থাৰ বিনামূলীয়া মাস্ক বিতৰণ

author img

By

Published : May 23, 2021, 10:54 AM IST

ৰঙিয়াৰ হাইৱে চ’কত সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে মাস্ক বিতৰণ কৰিলে শংকৰ আজান স্বচ্ছতা সেৱা সংস্থাই । সংস্থাটোৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে ।

ৰঙিয়া
ৰঙিয়াত শংকৰ আজান স্বচ্ছতা সেৱা সংস্থাৰ বিনামূলীয়া মাস্ক বিতৰণ

ৰঙিয়া,২৩ মে': কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দেশৰ লগতে অসমতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্য চৰকাৰে কৰ’ণাৰ প্ৰতিৰোধৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ ইয়াৰ লগতে এই মহামাৰীৰ ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ ৰঙিয়াত শংকৰ-আজান স্বচ্ছতা সেৱা সংস্থাই মাস্ক বিতৰণ কৰে ।ৰঙিয়াৰ হাইৱে চ’কত সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে মাস্ক বিতৰণ কৰিলে শংকৰ আজান স্বচ্ছতা সেৱা সংস্থাই । লগতে পথচাৰী আৰু যাত্ৰীসকলক ছেনিটাইজাৰো যোগান ধৰিলে সংস্থাটোৰ সদস্যসকলে ।

কেইবা শতাধিক লোকৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিনামূলীয়াকৈ বিতৰণ কৰে সংস্থাটোৱে । ৰঙিয়াৰ শংকৰ আজান স্বচ্ছতা সেৱা সংস্থাৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে ৷ উল্লেখ্য যে, ৰঙিয়াত ৭৫০ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছত ৰাইজৰ মাজত বৰ্তমান আতংকময় পৰিবেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক: ৰিতুল শইকীয়াৰ বাস গৃহত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.