ETV Bharat / state

সাংবাদিকক মাস্ক-ছেনিটাইজাৰ বিতৰণ

ৰঙিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ আদৰণীয় পদক্ষেপ ৷ সাংবাদিকৰ লগতে ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ লগতে ক'ভিড ভেকচিন কেন্দ্ৰত মাস্ক আৰু ছেনিটাইজাৰকে ধৰি বিভিন্ন সামগ্ৰী যোগান ৷

author img

By

Published : May 29, 2021, 2:07 PM IST

mask distribution at Rangia
সাংবাদিকক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

ৰঙিয়া,29 মে’: ৰঙিয়াৰ এইচ এণ্ড কে নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাই শুকুৰবাৰে সাংবাদিকসকলৰ মাজত মাস্ক-ছেনিটাইজাৰ বিতৰণ কৰে ৷ ক'ভিডৰ সময়ত জীৱনক তুচ্ছ কৰি ৰাইজক খবৰ যোগান ধৰা সাংবাদিকসকলক উৎসাহিত কৰিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে এই পদক্ষেপ গ্ৰহণ কৰে ৷ এইচ এণ্ড কে-ৰ মুখ্য কাৰ্যবাহী বিষয়া হেমন্ত কলিতা আৰু ভাগ‍্যশ্ৰী কলিতাই ৰঙিয়াৰ সাংবাদিকসকলক গামোচাৰে সন্মান জনাই সকলোকে মাস্ক, ছেনিটাইজাৰ আৰু তুলসীৰ ৰসেৰে প্ৰস্তুত কৰা ঔষধ বিনামূলীয়াকৈ যোগান ধৰে ৷ তেওঁলোকে লগতে ক’ভিডৰ প্ৰথম শ্ৰেণীৰ যোদ্ধাসকলক বিভিন্ন সামগ্ৰী প্ৰদান কৰে ।

সাংবাদিকক মাস্ক-ছেনিটাইজাৰ বিতৰণ

এইচ এণ্ড কে-ৰ স্বত্বাধিকাৰী তথা কৰ্মচাৰীসকলে ৰঙিয়া মহকুমাৰ অন্তৰ্গত ক'ভিড ভেকচিন কেন্দ্ৰসমূহত বিভিন্ন সামগ্ৰী বিতৰণ কৰে । ইয়াৰ লগতে ৰঙিয়াৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ত প্ৰতিষ্ঠানটোৱে ৰেডক্ৰছ ছ'চাইটি আৰু প্ৰেছ ক্লাবৰ সহযোগত বিভিন্ন সামগ্ৰী বিতৰণ কৰে । ৰঙিয়াৰ সিদ্ধিনাথ শৰ্মা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা এইচ এণ্ড কে-ৰ মুখ্য কাৰ্য‍বাহী বিষয়া হেমন্ত কলিতাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

ইয়াৰ পাছতে ৰঙিয়া থানা, পৌৰসভাৰ কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়, ২৯ নং মুৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰ, ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতসহ বিভিন্ন চৰকাৰী কাৰ্যালয়ত ছেনিটাইজাৰৰ বটল, মাস্ক, চাবোন, তুলসীৰ বটল বিতৰণ কৰে প্ৰতিষ্ঠানটোৰ কৰ্মীসকলে ।

ইফালে হোম আইচ’লেচনত থকা আৰু কণ্টেইনমেণ্ট জ'নৰ ৫০০ পৰিয়ালক প্ৰতিষ্ঠানখনৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী, মাস্ক আৰু ঔষধ জাতীয় সামগ্ৰী বিতৰণ কৰা হয় । প্ৰতিষ্ঠানটোৰ এই পদক্ষেপক ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে শলাগ লোৱাৰ লগতে অনাগত দিনত এই সেৱা আগবঢ়াই নিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : সাময়িকভাৱে স্থগিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.