গুৱাহাটী,23এপ্ৰিলঃ সোণাপুৰৰ ভোটকেন্দ্ৰত ব্যাপক খেলিমেলি ৷ পুৰুষৰ নামত ভোট প্ৰদান কৰে এগৰাকী মহিলাই । এই ঘটনা সংঘটিত হৈছে 318 নং সোণাপুৰ হাই স্কুলৰ ভোট কেন্দ্ৰত । মঙলবাৰে বিকাশ বড়ো নামৰ যুৱকজনে ভোট দিবলৈ কেন্দ্ৰটোত উপস্থিত হোৱাৰ পাচতে এই খেলিমেলিৰ কথা পোহৰলৈ আহে ৷ উল্লেখ্য যে তেওঁ ভোটাধিকাৰৰ সাব্যস্ত কৰিবলৈ যাওতেই তেওঁৰ নামত আগতীয়াকৈ কোনোবা এগৰাকী মহিলাৰ চহী থকাত পলিং বিষয়াই বিকাশ বড়োক ভোটদানত বাধা প্ৰদান কৰে ৷ ইপিনে এই ঘটনাৰ পাচতে এতিয়া সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনায় কেন্দ্ৰটোত উপস্থিত থকা স্থানীয় লোকসকলে ৷
সোণাপুৰত পুৰুষৰ নামত ভোট দিলে এগৰাকী মহিলাই - গুৱাহাটী
ৰাজ্যত মঙলবাৰে অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ এই ভোটদান প্ৰক্ৰিয়াত কোনো কোনো ঠাইত সংঘটিত হৈছে ব্যাপক খেলিমেলি ৷ সোণাপুৰৰ এক ভোটকেন্দ্ৰত পুৰুষৰ নামত ভোটপ্ৰদান কৰে এগৰাকী মহিলাই ৷