ETV Bharat / state

পুনৰ চৰ্চাত লাভ জেহাদ !

ৰাজ্যত পুনৰ পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা ! বহিঃৰাজ্যৰ হিন্দু যুৱতীক ফুচুলাই অসমলৈ আনিলে বৰপেটাৰ যুৱকে । অভিযোগ, হিন্দু বুলি পৰিচয় দি যুৱতগৰাকীক আনিছিল অসমলৈ ৷

author img

By

Published : Oct 10, 2019, 2:31 PM IST

love-jihad

কামৰূপ, 10 অক্টোবৰঃ দেশত সঘনাই বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা ৷ এইবাৰ অসমৰ যুৱকৰ প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী বহিঃৰাজ্যৰ যুৱতী ৷ প্ৰেমৰ জালত ফুচুলাই মহাৰাষ্ট্ৰৰ ৱাটমল জিলাৰ বনজাৰি চহৰৰ পৰা লৈ অনাৰ অভিযোগ বৰপেটাৰ যুৱকজনৰ ওপৰত ৷

বৰপেটাৰ চাদ্দাম চিদ্দিক নামৰ যুৱকজন কৰ্মসূত্ৰে কৰ্ণাটকত এটি কোম্পানীত কৰ্মৰত আছিল ৷ আনহাতে সেই একেটা কোম্পানীতে কৰ্মৰত আছিল মহাৰাষ্ট্ৰৰ যুৱতীগৰাকী ৷ তাৰ পিছতেই দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক ৷ অভিযোগ মতে, নিজকে চাদ্দাম দাস নামে পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল যুৱতীগৰাকীক ।

যুৱতীগৰাকীৰ ভাষ্য

অভিযোগ মতে, অসমত চাদ্দাম নামটো হিন্দুৱেও ব্যৱহাৰ কৰে বুলি কৈ স্বয়ং নিজকে হিন্দু বুলি পৰিচয় দি যুৱতীগৰাকীক ফোচলাই অসমলৈ লৈ আনিছিল চাদ্দামে ৷ অসমলৈ আনি হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ সলনি কৰাইছিল যুৱতীগৰাকীক ৷ আনকি কোনো লোকৰ লগত সম্পৰ্ক নাৰাখিবলৈ ভাঙি পেলোৱা হৈছিল যুৱতীগৰাকীৰ ম’বাইলৰ চিম কাৰ্ড । কিন্তু যুৱতীগৰাকীৰ দেউতাকৰ ফোন নম্বৰ মনত থকাৰ বাবেই সুবিধা বুজি সকলো ঘটনা জনোৱাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা ৷

হিন্দু জাগৰণ মঞ্চৰ সদস্য

পিচত এই ঘটনা সন্দৰ্ভত হিন্দু জাগৰণ মঞ্চই জ্ঞাত হোৱাত বুধবাৰে নিশা বৰপেটাৰ আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত যুৱতীগৰাকীক উদ্ধাৰ কৰা লগতে যুৱতীগৰাকীৰ দেউতাক আৰু খুড়াকৰ হাতত যুৱতীগৰাকীক গটাই দি বিমানযোগে মহাৰাষ্ট্ৰলৈ পঠিয়াই দিয়ে । বৰ্তমান বৰপেটা আৰক্ষীৰ জিম্মাত আছে চাদ্দাম চিদ্দিক নামৰ যুৱকজন ।

Intro:পুনৰ সংঘটিত হ'ল লাভ জেহাদৰ ঘটনা ! এইবাৰ বহিৰাজ্যৰ হিন্দু যুৱতীক ফোচলাই বৰপেটাৰ যুৱকে লৈ আনিলে অসমলৈ ।

Body:Ocvo..দেশত সঘটনাই বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা । এইবাৰ বহিৰাজ্যৰ পৰা অসমৰ যুৱকে প্ৰবঞ্চনাৰে যুৱতীক লৈ আনিলে অসমলৈ । মহাৰাষ্ট্ৰৰ ৱাটমল জিলাৰ বনজাৰি চহৰৰ পৰা প্ৰেমৰ জালত ফুচুলাই বৰপেটাৰ যুৱকে লৈ আনিছিল যুৱতীগৰাকীক । মহাৰাষ্ট্ৰত বৰপেটাৰ চাদ্দাম চিদ্দিক নামৰ যুৱকজনে এটি কোম্পানীত কৰ্মৰত আছিল সেই একেটা কোম্পানীতে কৰ্মৰত আছিল যুৱতীগৰাকী তাৰপিছতে চাদ্দামে হিন্দু বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল যুৱতীগৰাকীক । অসমত চাদ্দাম নামটো হিন্দুৱে ব্যৱহাৰ বুলি কৈ স্বয়ং নিজকে হিন্দু বুলি কৈ যুৱতীগৰাকীক ফোচলাই লৈ আনিছিল অসমলৈ তাৰপিছতে হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ সলনি কৰাইছিল ধৰ্ম আনকি কাৰো লগত সম্পৰ্ক নাৰাখিবলৈ ভাঙি পেলাইছিল যুৱতীগৰাকীৰ চিম । বন্দী কৰি ৰাখিছিল যুৱতীগৰাকীক । কিন্তু যুৱতীগৰাকীৰ মনত আছিল দেউতাকৰ ফোন নং যাৰবাবে অন্য লোকৰ পৰা ফোন কৰি ঘটনাসন্দৰ্ভত জনাই ।

Bite1..ভুক্তভোগী ।

এই ঘটনাৰ কথা হিন্দু জাগৰন মঞ্চই জ্ঞাত হোৱাত যোৱানিশা বৰপেটাৰ আৰক্ষী-প্ৰশাসনৰ সহযোগত গৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে । আজি যুৱতীগৰাকী দেউতাক আৰু খুড়াকৰ হাতত গোটাই দি বিমানযোগে মহাৰাষ্ট্ৰলৈ পঠিয়াই দিয়ে ।

Bite2..হিন্দু জাগৰন মঞ্চ ।
Conclusion:আনহাতে জানিব পৰা মতে চাদ্দাম চিদ্দিক নামৰ যুৱকজন বৰ্তমান বৰপেটা আৰক্ষীৰ জিন্মাত আছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.