ETV Bharat / state

আৰ্থিক সমস্যাত পৰিছে বাক্সা আৰু ৰঙিয়াৰ একাংশ শিল্পী

author img

By

Published : Jun 10, 2020, 6:40 PM IST

ৰঙিয়াৰ কামৰূপীয়া লোকগীতৰ শিল্পী গোবিন্দ নাথৰ লগতে বাদ্যযন্ত্ৰত সংগত কৰা শিল্পী সকলৰ শোচনীয় অৱস্থা ৷ এই সকল শিল্পী এতিয়া গভীৰ আৰ্থিক সংকটত ৷

lock down impact on folk singer
আৰ্থিক দীনতাৰ মাজেৰে দিন কটাইছে লোকগীতৰ এদল নীৰৱ সাধকে

ৰঙিয়া, বাক্সা10 জুনঃ লক ডাউনে বিৰূপ প্ৰভাৱ পেলাইছে শিল্পী সকলৰ মাজত ৷ আৰ্থিক অনাটনৰ মাজেৰে দিন কটাবলগীয়া হৈছে বহু লোক সংগীত শিল্পীয়ে ৷ ৰঙিয়াৰ কামৰূপীয়া লোকগীতৰ শিল্পী গোবিন্দ নাথ বৰ্তমান চৰম আৰ্থিক সংকটত ৷ কোনোমতে নিজৰ লগতে পৰিয়ালৰ পেট প্ৰৱৰ্তন কৰি থকা গোবিন্দ নাথৰ লগতে বাদ্যযন্ত্ৰত সংগত কৰা শিল্পী সকলৰ অৱস্থা বৰ্তমান শোচনীয় হৈ পৰিছে। সাধাৰণতে আৰ্থিকভাৱে অনগ্ৰসৰ এই শিল্পীসকলে লক ডাউনৰ সময়ত লাভ কৰা নাই কোনো ধৰণৰ সাহাৰ্য । ইয়াৰ উপৰিও চৰকাৰী কল্যাণমূলক আঁচনিৰ পৰাও বঞ্চিত এইসকল লোকগীতৰ শিল্পী ।

ৰঙিয়াৰ কামৰূপীয়া লোকগীতৰ শিল্পী

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কামৰূপীয়া লোকগীত পৰিৱেশন কৰা গোবিন্দ‌ নাথে লাভ কৰিছে বহু পুৰস্কাৰ তথা মানপত্ৰ । দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে মাটিৰ প্ৰতিমা বনাই পৰিয়াল পোহপাল দিয়া গোবিন্দৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছে। বিশেষকৈ বিহুৰ বতৰত বিহু মঞ্চত লোকগীত পৰিৱেশন কৰি কিছু উপাৰ্জন কৰিছিল যদিও লক ডাউনৰ বাবে এতিয়া সেয়াও বন্ধ হৈ পৰিছে । যাৰ বাবে এইসকল শিল্পীয়ে গভীৰ সংকটৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু সমস্যাৰে ভাৰাক্ৰান্ত হ'লেও জীয়াই থকালৈকে লোকগীতৰ চৰ্চা অব্যাহত ৰখাৰ মন এইসকল লোকগীতৰ নীৰৱ সাধকৰ ।

বাক্সাৰ নৌমতি বাজা পৰিৱেশনকাৰী দল

ইফালে বিলুপ্তিৰ পথত অসমত বাস কৰি থকা গোৰ্খা জনগোষ্ঠীৰ প্ৰাচীন লোক সংস্কৃতি ৷ পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন উৎসৱ পাৰ্বণ অভিন্ন অংগ নৌমতি বাজা ৷ নৌমতি বাজা অৰ্থাৎ বেণ্ডপাৰ্টি হৈছে গোৰ্খাসকলৰ এক প্ৰাচীন সংস্কৃতি ৷ জনগোষ্ঠীটোৰ বিভিন্ন উৎসৱ পাৰ্বণৰ অভিন্ন অংগ নৌমতি বাজা ৷ বিলুপ্তিৰ দিশে আগবঢ়া এই নৌমতি বাজাক জীয়াই ৰখাৰ প্ৰচেষ্টাত ব্ৰতী হৈ আছে বাক্সাৰ এদল লোক।

কিন্তু কৰ'ণা মহামাৰীৰ বাবে দেশত চলি থকা লক ডাউনৰ বাবে নৌমতি বাজা দলটোলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ ৷ লক ডাউনৰ ফলত কোনো স্থানতে নৌমতি বাজা পৰিৱেশন কৰিব নোৱাৰি এওঁলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা । কাৰণ এফালে সংস্কৃতি ৰক্ষা আৰু আনফালে পৰিয়ালৰ ভৰণ পোষণ ৷

লগতে পঢ়কঃ বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.