ৰঙিয়া, 10 ছেপ্তেম্বৰ : দীঘলীয়া লক ডাউনৰ পিছত খোলা ৰেষ্টুৰেণ্টসমূহ এতিয়াও লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৷ শেহতীয়াকৈ লক ডাউন কিছু পৰিমাণে শিথিল হৈছে যদিও গ্ৰাহকৰ সংখ্যা কম হোৱাৰ বাবে লাভৰ মুখ দেখা নাই স্বত্বাধিকাৰী সকলে ।
একেদৰে ৰঙিয়াৰ বিভিন্ন ৰেষ্টোৰা সমূহ প্ৰায় তিনি মাহৰ পিছত ক'ভিড প্ৰট'কল মানি আৰম্ভ কৰিছে যদিহে গ্ৰাহকৰ অভাৱত তীব্ৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৷ ঘৰভাড়া,কৰ্মচাৰীৰ দৰমহা,দৈনন্দিন খৰচৰ লগতে আন বহুখিনি খৰচ মালিক পক্ষই নিজৰ জেপৰ পৰা দিবলগীয়া হৈছে। কৰ্মচাৰীৰ সংখ্যা কমাই আনিছে যদিও খৰছ বেছি হোৱাৰ বাবে ৰেষ্টোৰাৰ স্বত্বাধিকাৰীয়ে চিন্তাত পৰিব লগা হৈছে ।
লগতে পঢ়ক : সভাপতি আসনক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অতুল বৰা