কামৰূপ, 5 জানুৱাৰী : আঞ্চলিকতাবাদৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা নাই ৷ ৰঙিয়াৰ ডিমুৰ এটা পথৰ আধাৰশিলা স্থাপন কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই এই মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় বিজেপিক প্ৰতিহত কৰিবলৈ যিমানেই আঞ্চলিকতাবাদী দল সমূহে কুচকাৱাজ চলাইছে সিমানেই অসমৰ ৰাইজৰ বিজেপি প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে ৷
ইয়াৰ সামন্তৰালভাৱে অসম গণ পৰিষদ চৰকাৰৰ দিনত হাতত কাঁহী-বাতি লৈ দিছপুৰত আন্দোলন কৰি তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে আৰক্ষীৰ হাতত মাৰ খাইছিল বুলি মন্তব্য প্ৰকাশ কৰে ভৱেশ কলিতাই ৷ তেওঁ কয়, ৰাজপথত এদিন আন্দোলন কৰিলেই ৰাইজে ভোট নিদিয়ে ৷
উল্লেখ্য যে, অসম জাতীয় পৰিষদকো তীব্ৰ সমালোচনা কৰে ভৱেশ কলিতাই ৷ অসম জাতীয় পৰিষদে নিৰ্বাচনৰ পিছত নিবনুৱাক পাঁচ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি গছত কঠাল ওঠত তেল, নৌ খাওঁতে চেলবেল বুলি ধেমেলীয়া ভাৱেৰে মন্তব্য প্ৰকাশ কৰে । ইফালে কংগ্ৰেছ আৰু এআইইউডিএফ দলে সমাগত বিধান সভা নিৰ্বাচনত ১৫ ৰ পৰা ১৭ খন আসনতে সীমাবদ্ধ থাকিব বুলি মন্ত্ৰী ভৱেশ কলিতাই এক প্ৰত্যাহ্বামূলক মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে