বকো,30 মে’: কৰ’ণা ত্ৰাসৰ মাজতে ছয়গাঁৱৰ দলৈপাৰাত সংঘটিত হোৱা এক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । জানিব পৰা মতে, শুকুৰবাৰে নিশা মদ্যপান কৰি দলৈপাৰা গাঁৱৰ দুৰ্গেশ্বৰ দাস আৰু পৱন ডেকাৰ মাজত কোনো এক বিষয় লৈ আৰম্ভ হয় তৰ্ক-বিতৰ্ক ।
এই বিতৰ্ক চলি থকা অৱস্থাতে পবন ডেকা নামৰ লোকজনে দুৰ্গেশ্বৰ দাসক এখন কুঠাৰেৰে আক্ৰমণ কৰে । পৱন ডেকাই আঘাত কৰাৰ পিছতে তেওঁৰ পৰা কুঠাৰখন কাঢ়ি আনি আঘাতপ্ৰাপ্ত দুৰ্গেশ্বৰ দাসে ওলোটাকৈ আক্ৰমণ কৰে ৷ ইয়াৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পৱন ডেকা নামৰ লোকজন ।
এই খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৱনক ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে ৷ কিন্তু ব্যক্তিজনৰ আঘাত গুৰুতৰ হোৱাৰ বাবে একে নিশাই জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ৷ পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে শনিবাৰে পুৱা মৃত্যু ঘটে পৱন ডেকাৰ । আৰক্ষীয়ে সম্প্ৰতি অভিযুক্ত দুৰ্গেশ্বৰ দাসক আটক কৰিছে ৷
লগতে পঢ়ক: চতুৰ্থবাৰ উদ্বোধন একেখন এম্বুলেঞ্চ: বাতৰি পৰিৱেশন পাচতে ইটিভিৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ দাখিল