ETV Bharat / state

ক্ৰমাৎ স্পৰ্শকাতৰ পৰিস্থিতিৰ সৃষ্টি বকোৰ লাম্পীত - লাম্পী বিতৰ্ক

অসমৰ চিৰসেউজ লাম্পীক লৈ তুংগত বিতৰ্ক । মদ্যপায়ী মেঘালয় আৰক্ষীৰ কনিষ্টবলে সোমবাৰে মাজ নিশা বন্দুকেৰে গুলী ফুটাই ভাবুকি প্ৰদান কৰে অসম আৰক্ষীৰ জোৱান সহিতে স্থানীয় লোকক । অসমৰ বাসিন্দাসকলক অসম ত্যাগ কৰিবলৈ চৰম ভাবুকি প্ৰদান কৰে মেঘালয় আৰক্ষীৰ কনিষ্টবলজনে ।

Lampi situation become very sansetive day by day assam meghalaya border
স্পৰ্শকাতৰ পৰিস্থিতি
author img

By

Published : Mar 10, 2020, 10:54 PM IST

বকো,10 মাৰ্চঃ সোমবাৰৰ মাজ নিশা প্ৰায় ২বজাত এজন সুৰামত্ত মেঘালয় আৰক্ষীৰ কনিষ্টবলে তাণ্ডৱ চলায় চিৰসেউজ বকোৰ লাম্পীত ৷ গুলী ফুটাই ভাবুকি প্ৰদান কৰে অসম আৰক্ষীৰ জোৱানক ৷ চতুৰ্থ অসম আৰক্ষী জোৱানৰ প্লাটুন কমাণ্ডাৰৰ বুকুত বন্দুক থৈ লাম্পীৰ পৰা আৰক্ষী জোৱানৰ কেম্প উঠাই নিবলৈ সকীয়নি প্ৰদান কৰে সুৰামত্ত মেঘালয় আৰক্ষীৰ কনিষ্টবলজনে ৷ পুৱতি নিশা মাত্ৰাধিক সুৰাপান কৰি মেঘালয় আৰক্ষীৰ কনিষ্টবল ৱানড্ৰপ খাৰবানীয়ে এখন মাৰুতি ভানেৰে আহি উপস্থিত হয় লাম্পীত । কৰ্তব্যৰত অসম আৰক্ষী জোৱানক টাৰ্গেট কৰি নিক্ষেপ কৰে গুলী । অকথ্য গালি-গালাজৰ লগতে নিশা পহৰাদাৰী স্থানীয় লোকক লাম্পী এৰি যাবলৈ সকীয়নি প্ৰদান কৰে মেঘালয় আৰক্ষীৰ জোৱানজনে ৷

স্পৰ্শকাতৰ পৰিস্থিতি

উক্ত ঘটনাৰ পিছতে লাম্পীত উপস্থিত হয় উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দল ৷ লাম্পী বজাৰৰ সমীপত মেঘালয়ে স্থাপন কৰা আৰক্ষী চকীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত কৈফিয়ৎ বিচাৰে অসম আৰক্ষীয়ে । ইতিমধ্যে মেঘালয় আৰক্ষীয়ে বিতৰ্কিত আৰক্ষী কনিষ্টবল ৱানড্ৰপ খাৰবানীক আৰক্ষী ছাউনীলৈ পঠিওৱাৰ লগতে মাৰণাস্ত্ৰ জব্দ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে চাওকঃবিশ্বত্ৰাস কৰ'ণাঃ হাত সাৰিবলৈ পৰামৰ্শ দিলে ডাঃ হিতেশ বৰুৱাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.