ETV Bharat / state

ছয়গাঁৱৰ উদ্যোগিক বিকাশ কেন্দ্ৰত শ্ৰমিকৰ অস্বাভাৱিক মৃত্যু

বিকাশ কেন্দ্ৰটোত থকা মেচাৰ্চ কৃষ্ণা ফুড প্ৰডাক্টচত কৰ্মৰত এজন শ্ৰমিকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় চাঞ্চল্যৰ । মৃত জিউ নাথ ৰাৱত চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ মাহোত্তৰী জিলাৰ আৰু বহু দিন ধৰি মেচাৰ্চ কৃষ্ণা ফুড প্ৰডাক্টচত কৰ্মৰত হৈ আছিল ।

labour-died-in-boko
ছয়গাঁৱৰ উদ্যোগিক বিকাশ কেন্দ্ৰত শ্ৰমিকৰ অস্বাভাৱিক মৃত্যু
author img

By

Published : May 15, 2020, 8:17 PM IST

বকো, ১৫ মে‘: কামৰূপ জিলাৰ ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত শুকুৰবাৰে সংঘটিত হয় এক অঘটন । বিকাশ কেন্দ্ৰটোত থকা মেচাৰ্চ কৃষ্ণা ফুড প্ৰডাক্টচত কৰ্মৰত এজন শ্ৰমিকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় চাঞ্চল্যৰ । কোম্পানীটোৰ অইন শ্ৰমিকে জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত শুই থকা অৱস্থাত উশাহ নিশাহত কষ্ট পোৱা দেখি কোম্পানীৰ শ্ৰমিকসকলে কোম্পানীৰ ৰান্ধনী হিচাপে কৰ্মৰত ৩০ বছৰীয়া জিউ নাথ ৰাৱতক ততাতৈয়াকৈ বকোৰ বামুণীগাঁওস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷ কিন্তু চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে । জানিব পৰা মতে, জিউ নাথ ৰাৱত চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ মাহোত্তৰী জিলাৰ আৰু বহু দিন ধৰি মেচাৰ্চ কৃষ্ণা ফুড প্ৰডাক্টচত কৰ্মৰত হৈ আছিল ।

ছয়গাঁৱৰ উদ্যোগিক বিকাশ কেন্দ্ৰত শ্ৰমিকৰ অস্বাভাৱিক মৃত্যু

ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে জামবাৰী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ মৃত্যুৰ কাৰণ জানিবলৈ কোভিড ১৯ টেষ্ট তথা মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী মেডিকেল কলেজ হস্পিতাল লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : তেজপুৰৰ হলেশ্বৰ পঞ্চায়তত চৰকাৰী আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.