ETV Bharat / state

বাইহাটা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Jul 23, 2020, 5:04 PM IST

কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ বিনা চৰ্তে মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত বৃহস্পতিবাৰে বাইহাটা চাৰিআলিৰ মাজ মজিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি,কামৰূপ জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ ৷

বাইহাটা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
বাইহাটা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বাইহাটা চাৰিআলি, 23 জুলাই : ‘কা’ বাতিল আৰু বিগত বহু মাহে কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ বিনা চৰ্তে মুক্তিৰ দাবীত বৃহস্পতিবাৰে বাইহাটা চাৰিআলিৰ মাজ মজিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি,কামৰূপ জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত ইতিমধ্যে অসমৰ প্ৰত্যেক প্ৰান্ততে কৃষক মুক্তিকে আদি কৰি বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে বাইহাটা চাৰিআলিটো কৃষক নেতা অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰা হয় ৷

আনহাতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমবাসীৰ ওপৰত জাপি দিয়া জাতিধ্বংসী আইন ‘কা’ কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় বুলি প্ৰতিবাদী স্থানৰ পৰাই সকিয়াই দিয়ে ৷ মানৱ শৃংখল কাৰ্যসূচীৰ দ্বাৰাই চৰকাৰে জাতিধ্বংসী আইন ‘কা’ বাতিল নকৰালৈকে অসমৰ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থাকিব বুলি ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কৰ্মী সকলে ।

প্ৰতিবাদী সকলে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়ে । শীঘ্ৰে যদি ‘কা’ ৰ আন্দোলনকাৰী তথা জাতিৰ হকে মাত মাতি বা বিভিন্ন ষড়যন্ত্ৰৰে আটক কৰি ৰখা অখিল গগৈক মুক্তি নিদিয়ে তেন্তে অনাগত দিনত মহামাৰী কৰ’ণাকো আওকাণ কৰি ৰাজপথত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠটোৱে ।

লগতে চাওক-অখিল গগৈৰ মুক্তিৰ দাবীত পূৱ বিলাসীপাৰাত মানৱ-শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.