ৰঙিয়া, ২৩ মাৰ্চ: অন্ত পৰিল ৰঙিয়াৰ দেউলকুছিত অনুষ্ঠিত হোৱা জিলা কোচ ৰাজবংশী সন্মিলনীৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশন । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অধিৱেশনখন । প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱা পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় । সত্ৰীয়া সংস্কৃতিক অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি অহা দেউলকুছিত উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে ।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে বৃহত্তৰ দেউলকুছি অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । আনহাতে, কোচ ৰাজবংশীসকলক বছৰ বছৰ ধৰি চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপিত কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীয়ে । কোচ ৰাজবংশীসকলক যি দলে মৰ্যাদা দিব সেই দলকে সমৰ্থন জনাব বুলি মন্তব্য কৰে কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়াই ।
লগতে পঢ়ক:তিনিচুকীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদবৰ নিৰ্বাচনী সভা