ETV Bharat / state

Road safety week: যান বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পৰামৰ্শ সাংসদ কুইন ওজাৰ

author img

By

Published : Jan 12, 2023, 7:27 AM IST

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কামৰূপ জিলাতো সপ্তাহযোৰা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ পালন কৰা হৈছে (Road safety week in Kamrup) ৷ পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি নিয়ম উলংঘা কৰা বাহনৰ লগতে বাহনৰ গৰাকীক নাকী লগাবলৈ কঠোৰ হোৱাৰ পৰামৰ্শ দিলে সাংসদ কুইন ওজাই ৷

MP Queen Oja order to step against traffic violence Vehicle
সাংসদ কুইন ওজা

গুৱাহাটী, 12 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে বুধবাৰে কামৰূপ জিলাতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভণি কৰা হয় । 11 জানুৱাৰীৰ পৰা অহা 17 জানুৱাৰীলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে পালিত হ’ব পথ সুৰক্ষা সপ্তাহ (Road safety week in Kamrup) ৷ এই উপলক্ষে জিলাখনৰ পৰিবহণ, আৰক্ষী তথা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষাৰ সজাগতাৰ ওপৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে (Kamrup transport administration observes Road Safety Week) ।

আমিনগাঁওস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত আৰক্ষী আৰু পৰিবহন বিভাগ তথা জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই (MP Queen Oja )৷

সাংসদগৰাকীয়ে বক্তব্য প্ৰদান কৰি কয় যে সমাজৰ সকলো স্তৰৰ জনসাধাৰণে পথ সুৰক্ষা তথা যান-বাহনৰ নিয়মাৱলী সঠিক ৰূপত পালন কৰিলে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস হ’ব । সেয়েহে যান-বাহনৰ নিৰ্দ্ধাৰিত গতিবেগ অটুত ৰাখি উশৃংখল গাড়ী চালনাৰ পৰা বিৰত থাকক। জীৱনৰ সুৰক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ যুৱ চামক এই দিশত সজাগ কৰাৰ দিশত পিতৃ-মাতৃ তথা অভিভাৱক সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি সাংসদগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

তেওঁ (MP Queen Oja on traffic rules violation) লগতে নিয়ম নমনা ডাম্পাৰ, ট্ৰাক তথা বাছ চালকৰ বিৰুদ্ধে অধিক কঠোৰ হৈ অভিযান চলাবলৈ কামৰূপ জিলাৰ আৰক্ষী তথা পৰিবহণ বিভাগক আহ্বান জনায় । কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কীৰ্তি জল্লীয়ে (DC Keerthi Jalli) জিলাখনত ২০২১ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ সময়ছোৱাতকৈ ২০২২ চনৰ উক্ত সময়ছোৱাত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে যদিও এই সংখ্যা আৰু অধিক হ্ৰাস কৰাৰ দিশত সকলোকে বিশেষকৈ যুৱ চামক সজাগ-সচেতন কৰাৰ বাবে আহ্বান জনাই ।

উক্ত অনুষ্ঠানত কামৰূপ জিলাৰ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব দীপক কুমাৰ বৈশ্যইও বক্তব্য প্ৰদান কৰে । এই অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ), ৰঙিয়া মহকুমা আৰক্ষী বিষয়া, বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, চিকিসক ডাঃ অৰবিন্দ দাস প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা চাংসাৰিলৈ উলিয়াই এক সজাগতাৰ বাইক ৰেলী ৷ এই ৰেলীৰ ফ্লেগ অফ্ কৰি শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ কুইন ওজাই ।

লগতে পঢ়ক: Road safety week: হাতত ৰঙা গোলাপ লৈ ৰাজপথত পৰিবহন বিষয়া হিমাংশু দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.