ETV Bharat / state

কামৰূপ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত - কামৰূপ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত কামৰূপ আৰক্ষীয়ে এক অভিযান চলাই দুটা পিষ্টলসহ ৬০ জাই সক্ৰিয় গুলী জব্দ কৰে ৷ লগতে চানফুল আলী নামৰ এজন ডকাইতক আটক কৰে ৷

কামৰূপ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত
কামৰূপ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত
author img

By

Published : Mar 20, 2021, 4:39 PM IST

কামৰূপ,20 মাৰ্চ: নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত কামৰূপ আৰক্ষীয়ে এক অভিযান চলাই দুটা পিষ্টলসহ ৬০ জাই সক্ৰিয় গুলী জব্দ কৰে ৷ লগতে চানফুল আলী নামৰ এজন ডকাইতক আটক কৰে ৷

অবৈধ মাৰণাস্ত্ৰৰ সৈতে ডকাইতৰ এটা দলে কিছু দিনৰ পূৰ্বে তাণ্ডৱ সৃষ্টি কৰিছিল হাজোত । ইয়াৰ লগতে হাজোৰ বুল্লুটত এক গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল ৷ এই ঘটনাৰ লগত চানফুল আলী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে সদৰী কৰা মতে, ঘটনাটো সংঘটিত কৰাৰ পাচত ৰঙিয়াত আত্মগোপন কৰি আছিল চানফুলে ।

যোৱা ১৪ মাৰ্চত চানফুলে চলোৱা গুলীত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছিল এজন । কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ৰঙিয়াৰ মহকুমাধিপতিৰ নেতৃত্বত চলা এই অভিযানত আটক হয় এই দুৰ্ধৰ্ষ ডকাইত গৰাকী ৷

আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে এক সংবাদমেল সম্বোধন কৰি ডকাইত চানফুলে দীৰ্ঘদিন ধৰি তীৰ্থনগৰী হাজোত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যত জড়িত থাকি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা বুলি ব্যক্ত কৰে ।

কামৰূপ জিলা আৰক্ষীৰ এয়া এক বৃহৎ সফলতা বুলি দাবী কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনত শান্তি-সম্প্ৰীতি বিঘ্নিত কৰা শক্তিক কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: মৰাণৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.