ETV Bharat / state

অকল গাড়ী নহয় , গাড়ীৰ লগতে ক্ৰেতাক দিব লাগিব এটা গছপুলি !

আপুনি নতুনকৈ গাড়ী ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? ভাবিছে যদি এতিয়াৰে পৰা আপুনি ক্ৰয় কৰা গাড়ীৰ সৈতে একোটাকৈ গছপুলি লাভ কৰিব ৷ অভিজাত গাড়ীৰ ডীলাৰে আপোনাক দিব লাগিব গাড়ীৰ লগতে এটা গছপুলি ৷

author img

By

Published : Jul 11, 2019, 2:26 PM IST

অকল গাড়ী নহয় , গাড়ীৰ লগতে ক্ৰেতাক দিব লাগিব এটা গছপুলি !

কামৰূপ,11 জুলাইঃ শুনি হয়তো আচৰিত হৈছে পৰিৱেশৰ ভাৰসাম্য আৰু গছপুলি ৰোপণৰ ক্ষেত্ৰত নতুনকৈ লোৱা হৈছে এক ব্যৱস্থা ৷ প্ৰতিখন গাড়ীৰ বিনিময়ত প্ৰতিজন গ্ৰাহকে একোটাকৈ গছপুলি লাভ নকৰিলে চৰকাৰী পঞ্জীয়ন বাতিল হ’ব গাড়ীৰ ৷ দৈনিক বৃদ্ধি পোৱা গাড়ীৰ চাহিদা আৰু পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এনে এক অভিনৱ পদক্ষেপত বাৰুকৈয়ে সুখী হৈছে প্ৰকৃতিপ্ৰেমী ৷

বৃহস্পতিবাৰে কামৰূপ জিলা পৰিবহণ বিভাগে এই অভিনৱ পদক্ষেপৰ শুভ উদ্বোধন কৰি প্ৰতিটো গাড়ীৰ ডীলাৰলৈ প্ৰেৰণ কৰিলে এক বিশেষ জাননী ৷ উপায়ুক্ত কমল কুমাৰ বৈশ্যই শুভাৰম্ভ কৰা এই বিশেষ পদক্ষেপত কামৰূপ জিলাৰ প্ৰতিটো গাড়ী ডীলাৰে গাড়ী বিক্ৰী কৰাৰ লগতে ক্ৰেতাক প্ৰদান কৰিব লাগিব একোটাকৈ গছপুলি ৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে গছপুলি প্ৰদানৰ জৰিয়তে সকলোলৈকে প্ৰেৰণ কৰিলে এক সতৰ্কবাণী , গাড়ীৰ সৈতে গছপুলি প্ৰদান নকৰিলে চৰকাৰী পঞ্জীয়নভুক্ত নহ’ব বাহনখন ৷

কামৰূপ জিলাৰ প্ৰতিজন ক্ৰেতাক গছপুলি ৰোপণ আৰু লালন-পালনৰ জৰিয়তে পৰিৱেশৰ প্ৰতি সজাগ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই পদক্ষেপক এতিয়া গাড়ীৰ ডীলাৰ সমূহে কিদৰে আগুৱাই নিয়ে সেয়াহে হ’ব লক্ষণীয় ৷

Intro:*AMINGAON DTO NEW PROJECT*

কামৰূপ জিলা পৰিবহন বিভাগৰ এক অভিনৱ পদক্ষেপজিলাৰ প্ৰতিখন গাড়ী ডীলাৰে গাড়ী বিক্ৰি কৰাৰ লগতে ক্ৰেতাক এজোপা গছপুলি প্ৰদান কৰিব লাগিব।অন্যথা নহব বাহন খনৰ চৰকাৰী পঞ্জীয়ন।
কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয়ত আনুষ্ঠানিক শুভাৰম্ভ কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই।

Body:জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত শুভাৰম্ভ কৰা বৃক্ষৰোপণ প্ৰদান অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে প্ৰতি গৰাকী লোকক বৃক্ষৰোপন আৰু লালন পালনৰ জড়িয়তে পৰিবেশৰ প্ৰতি সজাগ কৰা।
Conclusion:জিলা খনৰ গাড়ী ডিলাৰ সকলৰ গছপুলি প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰি উপায়ুক্ত বৈশ্যই ডিলাৰ সকলে যি হেতু জনসাধাৰণৰ লগত পোনপতীয়া ভাবে জড়িত তাৰ বাবে তেওঁলোকক বৃক্ষৰোপনৰ প্ৰতি জনসাধাৰণক সজাগ কৰিবলৈ আহ্বান জনায়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.