ছয়গাঁও,১৮ চেপ্তেম্বৰঃ দক্ষিণ কামৰূপৰ বৰটাৰীস্থিত দক্ষিণ সৰুবংশৰ উপ স্বাস্থ্য কেন্দ্ৰৰ কোঠালিত এটি মৃতদেহ উদ্ধাৰক লৈ শুক্ৰবাৰে পুৱাই সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । উল্লেখযোগ্য যে,কেবাদিনো ধৰি বন্ধ হৈ থকা চিকিৎসালয়খনৰ এটি কোঠালিৰ পৰা গোন্ধ ওলায় থকাত স্থানীয় লোকে শুকুৰবাৰে পুৱা চাবলৈ গৈ এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷
উল্লেখযোগ্য যে,মৃতদেহটো বেজৰটাৰীৰ নামান কলিতা নামৰ প্ৰায় 70 বছৰীয়া মহিলাগৰাকীৰ বুলি চিনাক্ত কৰা হয়। ঘটনাস্থলীত কুকুৰমাৰাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাইছে যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷ ইপিনে মহিলা গৰাকী বিগত এবছৰ ধৰি নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে ৷ অৱশেষত শুকুৰবাৰে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ সম্প্ৰতি সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷
লগতে পঢ়কঃ গোলাঘাট আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল