ETV Bharat / state

ৰঙিয়াত পকী দলং নিৰ্মাণত অনিয়ম, তিনি বছৰে সম্পূৰ্ণ নহ'ল পকী দলং - bridge was not completed in three years

জয়ন্তীপুৰ-নোনাপাৰ সংযোগী পথটোত তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰা দলং বৰ্তমানেও নহ'ল সম্পূৰ্ণ । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ ঘনিষ্ঠ ঠিকাদাৰী সংস্থাই নিজ ময়মতালিৰে দলং নিৰ্মাণৰ কাম এবছৰৰ পৰা বন্ধ কৰি ৰখাত ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰেই অৰ্ধ নিৰ্মিত দলং খনৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দলং নিৰ্মাণৰ দাবী জনায় অঞ্চলবাসীয়ে ।

jayantipur-nonapar connecting bridge was not completed in three years
ৰঙিয়াত পকী দলং নিৰ্মাণত অনিয়ম, তিনি বছৰে সম্পূৰ্ণ নহ'ল পকী দলং
author img

By

Published : Dec 18, 2020, 11:54 AM IST

ৰঙিয়া, 18 ডিচেম্বৰ: তিনিটা বছৰে সম্পূৰ্ণ নহ'ল ৰঙিয়াৰ এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য ৷ তিনি বছৰ পূৰ্বে জয়ন্তীপুৰ-নোনাপাৰ সংযোগী বৰকুকুৰীয়া কলমনিৰ মৰাজানৰ দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈকে সম্পূৰ্ণ নহ'ল ৷ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ ঘনিষ্ঠ কে আই ডি চি নামৰ ঠিকাদাৰী সংস্থাটোৱে নিৰ্মাণৰ কাম কৰিছিল যদিও এবছৰ আগৰে পৰা বন্ধ কৰি ৰাখিছে দলঙৰ কাম ৷ দহ শতাংশ কাম সম্পূৰ্ণ কৰি আধাতে সামৰি থ'লে ৷ দলং খনৰ কাম আৰম্ভ হোৱাৰে পৰা এটা এটাকৈ তিনিটা বানত পাৰ হ'ল ৷ কলৰ ভূৰ সাজি যাতায়ত কৰিলে স্থানীয় ৰাইজে, তাৰ পাচতো কোনো খবৰ ল'বলৈ আহৰি নাপালে বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই ৷

ৰঙিয়াত পকী দলং নিৰ্মাণত অনিয়ম, তিনি বছৰে সম্পূৰ্ণ নহ'ল পকী দলং

জলসিঞ্চন মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই নিজ ময়মতালিৰে দলং নিৰ্মাণৰ কাম সংস্থাটোৱে যোৱা এবছৰৰ পৰা কাম বন্ধ কৰি থৈ যেনিয়ে তেনিয়ে পেলাই থৈছে সামগ্ৰী ৷ দলংখনৰ কাম আধৰুৱা কৰি থোৱাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত চৰম যাতনা ভোগ কৰিব লগীয়া হৈছে ৷ বিপদৰ সময়ত যিকোনো জৰুৰীকালীন সেৱা অঞ্চলটোলৈ যাব নোৱাৰে, যাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰোগীসকলেও বহু অসুবিধাৰ সন্মুখীন হৈছে দলং খনৰ বাবে ৷

উল্লেখ্য যে, পকী দলংখন নিৰ্মাণৰ পূৰ্বৰে পৰা কাষতে থকা কাঠৰ দলং খনৰ অৱস্থাও এতিয়া তথৈবচ ৷ উপায় বিহীন হৈ স্থানীয় ৰাইজে বিপজ্জনক ভাৱে জৰাজীৰ্ণ কাঠৰ দলং খনেৰেই অহা-যোৱা কৰি আছে যদিও বহু দুৰ্ঘটনাও সংঘটিত হৈছে দলংখনত ৷ জয়ন্তীপুৰ-নোনাপাৰ সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ বহু আকাংক্ষিত দলংখন সম্পূৰ্ণ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ কে আই ডি চি নামৰ ঠিকাদাৰী সংস্থাটোক কামৰ পৰা আতৰাই অৰ্ধ নিৰ্মিত দলং খনৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৰাইজে ।

লগতে পঢ়ক: নিজ সমষ্টিবাসীক আকৰ্ষিত কৰাত ব্যস্ত এতিয়া মন্ত্ৰী-বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.