ETV Bharat / state

জাপানীজ এনকেফেলাইটিছঃ কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

ভয়ংকৰ হাৰত বৃদ্ধি পোৱা জাপানীজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত গুৰুত্বপূৰ্ণ সভা ৷

author img

By

Published : Jul 5, 2019, 11:44 PM IST

জাপানিজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, 5 জুলাইঃ শেহতীয়াকৈ ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত লোকৰ সংখ্যা । আজি এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, পৌৰ নিগম আদি বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে । সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা গঢ়ি তুলিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । ইয়াৰোপৰি এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবেও পদক্ষেপ লোৱাৰ কথা আলোচনা কৰা হয় । লগতে ভিতৰুৱা অঞ্চলসমূহত জাপানীজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত সজাগতা শিৱিৰ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হয় । উল্লেখযোগ্য যে, উক্ত সভাত কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়া, মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ উপ অধীক্ষকদ্বয় ক্ৰমে ডাঃ ডি আৰ দাস আৰু ডাঃ ভূপেন কুমাৰ ভূঞা উপস্থিত থাকে ।

etv bharat

Intro:শেহতীয়াকৈ ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছৰ আক্ৰান্ত লোক সংখ্যা। শুকুৰবাৰে জাপানিজ এনকেফেলাইটিছ সন্দৰ্ভত মহানগৰীৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা টাক্স ফৰ্চৰ এই সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, কৃষি, মীন, সমাজ কল্যাণ, পৌৰ নিগম আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই সভাতে পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খন ন'ডেল চিকিৎসালয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে জাপানিজ এনকেফেলাইটিছ আক্ৰান্ত ৰোগৰ প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে সংশ্লিষ্ট বিভাগসমূহক। এই ৰোগৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবেও পদক্ষেপ লোৱাৰ কথা আলোচনা কৰা হয়। শিক্ষানুষ্ঠানৰ লগতে ভিতৰুৱা অঞ্চলসমূহত জাপানিজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত সজাগতা শিবিৰ অনুষ্ঠিত কৰিবলৈ এক পদক্ষেপ হাতত লৈ জিলা প্ৰশাসনে। গাহৰিৰ গড়াল মানুহৰ বাসস্থানৰ পৰা আঁতৰত ৰখাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিব প্ৰশাসনে। উল্লেখযোগ্য যে এই সভাত কামৰূপ মহানগৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়া, মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ উপ অধীক্ষকদ্বয় ডাঃ ডি আৰ দাস আৰু ডাঃ ভূপেন কুমাৰ ভূঞা উপস্থিত থাকে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.