ETV Bharat / state

চিকিৎসকৰ খেয়াল-খুচিমতে চলিছে এখন চিকিৎসালয় ! - চিকিৎসকৰ খেয়াল-খুচি

ছয়গাঁৱৰ গোৱৰ্ধনত অৱস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গ্ৰাম্য চিকিৎসালয়খনৰ পৰিচালনাৰ ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসে গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ লগতে চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধেও চৰম অনিয়ম তথা পলমকৈ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় লোকসকল ৷

চিকিৎসকৰ খেয়াল-খুচিমতে চলিছে এখন চিকিৎসালয় !
author img

By

Published : Sep 20, 2019, 7:31 PM IST

ছয়গাঁও, 20 চেপ্তেম্বৰঃ ছয়গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতাৰ অভিযোগ ৷ মহকুমা স্বাস্থ্য বিষয়া আৰু চিকিৎসক-কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিত অতিষ্ঠ ৰাইজ ৷ শুকুৰবাৰে একাংশ সাংবাদিকে স্বাস্থ্য কেন্দ্ৰটোত চলোৱা এক অভিযানত উন্মোচিত হয় কেতবোৰ অনিয়মৰ লগতে চিকিৎসালয় খনত চলি থকা চৰম অৰাজকতাৰ তথ্য ৷

উল্লেখযোগ্য যে ছয়গাঁৱৰ গোৱৰ্ধনত অৱস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গ্ৰাম্য চিকিৎসালয়খনৰ পৰিচালনাৰ ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসে গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ লগতে চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধেও চৰম অনিয়ম তথা পলমকৈ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাজহুৱা অভিযোগৰ ভিত্তিতে ছয়গাঁৱৰ সাংবাদিকৰ এটি দল শুকুৰবাৰে পুৱা 8.30 বজাত উপস্থিত হৈছিল স্বাস্থ্য কেন্দ্ৰটোত ৷ চৰকাৰী নিয়ম মতে 8.30 বজাত চিকিৎসক আৰু আন আন কৰ্মচাৰী চিকিৎসালয়ত উপস্থিত থাকিব লাগে যদিও 9 বজাৰ পিচত উপস্থিত হয় এগৰাকী চিকিৎসা কৰ্মীৰ লগতে ফাৰ্মাচিষ্ট গৰাকী ৷

চিকিৎসকৰ খেয়াল-খুচিমতে চলিছে এখন চিকিৎসালয় !

আনহাতে 9.45 মিনিটত দুগৰাকী চিকিৎসক উপস্থিত হোৱাৰ বিপৰীতে 9.45 মিনিটতহে চিকিৎসালয়ত আহি উপস্থিত হয় স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাস ৷ কিন্তু তাৰ পাচতো উপস্থিত হোৱা দেখা নগ'ল আন দুগৰাকী চিকিৎসক ৷ ইয়াৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় লোকসকল ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চালে বেৰে কোবোৱা উত্তৰ দি নিজৰ ব্যৰ্থতা ঢকাৰ চেষ্টা চলাই চিকিৎসা বিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, যি সময়ত স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যত উন্নয়নৰ ঢাক-ঢোল বজাই বক্তৃতাৰ ফুলজাৰি দি ফুৰিছে, সেই সময়তে ৰাজধানী চহৰৰ নাতিদূৰৈত অৱস্থিত চৰকাৰী স্বাস্থ্য কেন্দ্ৰটোৰ এই অৱস্থাই উদঙাই দিছে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ফোপোলা স্বৰূপ ৷ প্ৰশ্ন হয়, এনেবোৰ অনিয়ম পোহৰলৈ অহাৰ পিচত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব নে ? নে একে ধৰণেই চলি থাকিবলৈ দিব স্বাস্থ্যকেন্দ্ৰটো ৷

Intro:ছয়গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতা ৷ মহকুমা স্বাস্থ্য বিষয়াকে ধৰি চিকিৎসক কৰ্মচাৰীৰ অনায়মীয়া উপস্থিতিত অতিষ্ঠ ৰাইজ ৷Body:ছয়গাঁও ২০ ছেপ্টেম্বৰ : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বিষয়ে চৰকাৰে যিমানেই ঢাক ঢোক নবজাওক কিয় প্ৰকৃতাৰ্থত গ্ৰামাঞ্চলৰ স্বাস্থ্য কেন্দ্ৰ সমূহ যে একাংশ চিকিৎসকৰ মইমতালীৰ লগতে অদক্ষ পৰিচালনাৰ বাবে স্থানীয় ৰাইজে প্ৰকৃত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে সেই কথা আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ সেই কথা আজি পুনৰবাৰ উন্মোচিত হ’ল ছয়গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ শুকুৰবাৰে ছয়গাঁৱৰ একাংশ সাংবাদিকে চিকিৎসালয় খনত চলোৱা এক চাডেন ভিজিতত উন্মোচিত কৰিলে চিকিৎসালয় খনৰ কেতবোৰ অনিয়মৰ লগতে চিকিৎসালয় খনত চলি থকা চৰম অৰাজকতাৰ কথা ৷ উল্লেখযোগ্য যে ছয়গাঁৱৰ গোৱৰ্ধনত অৱস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গ্ৰাম্য চিকিৎসালয়খনৰ পৰিচালনাৰ ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ চৰম দুৰ্বলতা আৰু চিকিৎসক কৰ্মচাৰীৰ চৰম গাফিলতি তথা পলমকৈ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱা ৰাজহুৱা অভিযোগ বহুদিনীয়া ৷ আৰু সেই ৰাজহুৱা অভিযোগৰ ভিত্তিতে ছয়গাঁৱৰ সাংবাদিকৰ এটি দল শুকুৰবাৰে পুৱা ৮-৩০ বজাত উপস্থিত হৈছিল স্বাস্থ্য কেন্দ্ৰটোত ৷ চৰকাৰী নিয়ম মতে ৮-৩০ বজাত চিকিৎসক আৰু আন আন কৰ্মচাৰী উপস্থিত থাকিব লাগে যদিও ৯ বজাৰ পিচত উপস্থিত হয় ড্ৰেচাৰ গৰাকীৰ লগতে ফাৰ্মাচিষ্ট গৰাকী ৷ ইয়াৰ পিচত ৯-৪০ বজাত উপস্থিত হয় জ্যোতিৰূপা শৰ্মা নামৰ চিকিৎসক গৰাকী ৷ ৯-৪৫ বজাত উপস্থিত হয় সুভাষ মজুমদাৰ নামৰ চিকিৎসক গৰাকী ৷ ৯-৫০ বজাত উপস্থিত হয় মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাস ৷ আনহাতে সাংবাদিকৰ দলটো থকা প্ৰায় ১০-৩০ বজালৈ আহি পোৱা নাই আন এগৰাকী চিকিৎসক নৱনীতা দেউৰী ৷ আনহাতে এই চাৰি গৰাকী চিকিৎসকৰ লগতে নিশাৰ জৰুৰী কলীন বিভাগৰ ডিউটিত থকা ইন্দ্ৰনীল শৰ্মাৰো আছিল বৰ্হিঃ বিভাগত ডিউটি ৷ কিন্তু বৰ্হিঃ বিভাগত পুৱা ৮-৩০ বজাৰ পৰা বহুসংখ্যক ৰোগীয়ে চিকিৎসকৰ বাবে ৰৈ থকাৰ পিচতো ৰোগী চাবলৈ অহা নাছিল ইন্দ্ৰনীল শৰ্মা নামৰ চিকিৎসক গৰাকী ৷ ইফালে বহু পলমকৈ উপস্থিত হোৱা মহকুমা স্বাস্থ্য বিষয়া গৰাকীৰ লগতে আন চিকিৎসক কেইগৰাকীক কিয় চিকিৎসালয়ত উপস্থিত হোৱাত পলম হ’ল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মহকুমা স্বাস্থ্য বিষয়া গৰাকীৰ লগতে আন চিকিৎসক দুগৰাকীয়ে কিছুমান লাগ বান্ধ নোহোৱা কথা কোৱাৰ লগতে কোনো সুদুত্তৰ দিবলৈ সক্ষম নহ’ল ৷আনহাতে মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে সকলোৰে ডিউটিৰ সময় চাৰে আঠ বজা বুলি কোৱাৰ লগতে তেওঁ ৮-৪৫ বজাত জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়লৈ ৰিপৰ্ট পঠাব লাগে বুলিও উল্লেখ কৰে ৷ কিন্ত নিজেই ৯-৫০ বজাত উপস্থিত হৈ কেইটা বজাত ৰিপৰ্ট পঠাব সেইটোও হৈছে এটা ডাঙৰ প্ৰশ্ন ৷ আনহাতে নিশাৰ জৰুৰী কালীন বিভাগত ডিউটি কৰা ইন্দ্ৰনীল শৰ্মাৰ পুৱা ৮-৩০ বজাৰ পৰা বৰ্হিঃ বিভাগত ডিউটি থকাৰ পিচতো ডিউটি কৰা দেখা নাই বুলি তাত উপস্থিত থকা ৰোগী আৰু সাংবাদিকেও দেখা নাই বুলি সাংবাদিকে কোৱাৰ পিচত অসহায় হৈ পৰে মহকুমা স্বাস্থ্য বিষয়া গৰাকী ৷ তেওঁৰ এই অসহায় পৰিস্থিতিয়ে প্ৰমাণ কৰে দেখুৱালে যে চিকিৎসালয়খনৰ আন আন চিকিৎসক তথা কৰ্মচাৰীয়ে মহকুমা স্বাস্থ্য বিষয়া গৰাকীক কেৰেপেই নকৰে ৷ অভিযোগমতে মহকুমা স্বাস্থ্য বিষয়া গৰাকীৰ প্ৰশাসনীয় ক্ষেত্ৰত দুৰ্বল পৰিচালনাৰ লগতে নিজেও চিকিৎসালয়লৈ পলমকৈ অহাৰ পৰিপ্ৰেক্ষিতত আন আন চিকিৎসক কৰ্মচাৰী সকলেও নিজৰ খেয়াল খুচিমতে চিকিৎসালয়লৈ আহে ৷ ইফালে জ্যোতিৰূপা শৰ্মা নামৰ মহিলা চিকিৎসক গৰাকীয়ে প্ৰতিদিনেই ৯-৩০ বজাত চিকিৎসালয়ত উপস্থিত হয় বুলি কোৱাৰ লগতে শুকুৰবাৰে আক্ৰাছুৰ বন্ধৰ বাবে ১০ মিনিট পলম হ’ল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ ইফালে এবাৰ সন্তানৰ অসুখৰ বাবেও পলম হোৱা বুলি কয় ৷আন এগৰাকী চিকিৎসক সুভাষ মজুমদাৰে এবাৰ যদি আক্ৰাছুৰ বন্ধৰ বাবে আৰু এবাৰ নিজৰ গা ভাল নহয় আকৌ তেওঁৰ বিভাগৰ ৰোগী সকল পলমকৈ আহে বুলি বুলিহে দায়সৰা তথা পাতল মন্তব্য দিয়ে ৷ তাতোকৈ ডাঙৰ কথা হ’ল ফাৰ্মাচিষ্ট এগৰাকীয়ে চিকিৎসালয়লৈ অহা চৰকাৰী সময়তো নাজানো বুলি কৈ তেওঁ সদায়ে সেইখিনি সময়তেই আহে বুলি কয় ৷ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে তেওঁ সদায়ে ৯ বজা মানতহে আহে ৷ ইফালে জন্ম মৃত্যুৰ পঞ্জীয়ন বিভাগত কৰ্মৰত জুৰিটী হাজৰিকা নামৰ কৰ্মচাৰী গৰাকী ১১-২০ বজাতহে কাৰ্যালয়ত উপস্থিত হয় ৷ অভিযোগমতে এই গৰাকী কৰ্মচাৰীয়ে সদায়ে কাৰ্যালয়ত ১১ বা ১২ বজাতহি উপস্থিত হোৱাৰ লগতে মাজে মাজে অনুপস্থিত থাকে ৷ যাৰ ফলত জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ নিবলৈ অহা লোক সকল বহুতো অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ আনহাতে উক্ত কৰ্মচাৰী গৰাকীৰ প্ৰকৃত কৰ্মস্থলী ছয়গাঁৱৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৰ ভিতৰুৱা ঠাইত অৱস্থিত জালুকবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যদিও তেওঁ তালৈ নগৈ ছয়গাঁৱতে কাম কৰি আছে ৷ জানিবপৰামতে তেওঁ নিম্ন বৰ্গৰ সহায়কৰ পদত প্ৰায় তিনি বছৰ পূৰ্বে জালুকবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিযুক্তি লাভ কৰি তাত যোগদান নকৰি কিহৰ বলত এনেদৰে ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কাৰ্যনিৰ্বাহ কৰি আছে সেইটো হৈছে এক ডাঙৰ প্ৰশ্ন ৷ ইফালে চিকিৎসালয় খনৰ চৌহদৰ অৱস্থা একেবাৰে দুখ লগা ৷ ইফালে ৰোগীৰ বিচনাৰ কাপোৰ ধুবলৈ দিলে ৰোগীক দিবলৈ মজুত নাই আন এখন কাপোৰ ৷ আনকি তিনিদিনৰ পিচতো ৰোগীক দিব পৰা নাই বিচনাৰ কাপোৰ ৷ ইফালে চিকিৎসালয়খনৰ চিকিৎসালয়ৰ বিৰুদ্ধে সঘনে উত্থাপন হোৱা আন এটা ৰাজহুৱা গুৰুতৰ অভিযোগ হ’ল তালৈ চিকিৎসাৰ বাবে যোৱা অধিকসংখ্যক ৰোগীকে নামমাত্ৰ চিকিৎসা কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ বাবে লিখি দিয়ে ৷ আনকি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ৰোগীক প্ৰায়ে চাবলৈ টান পাই চিকিৎসক সকলে ৷ ইয়াৰ বিপৰীতে প্ৰসুতিৰ চিকিৎসাত বেছি গুৰুত্ব দিয়ে চিকিৎসক সকলে ৷ কিন্ত তাৎপৰ্যপূৰ্ণ কথা এয়ে যে চিকিৎসালয় খনত প্ৰসুতি চিকিৎসক নোহোৱাৰ পিচতো কিহৰ বাবে প্ৰসুতি বিভাগত অধিক গুৰুত আৰোপ কৰে সেয়াও হৈছে এক ৰহস্যৰ বিষয় ৷এনেকৈয়ে এতিয়া চলি আছে ছয়গাঁৱৰ স্বাস্থ্য কেন্দ্ৰৰ কাম কাজ ৷ কিন্ত ইমানৰ পিচতো এই সকল চিকিৎসক কৰ্মচাৰীক বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষ তথা বিভাগীয় মন্ত্ৰীয়ে নাকি লগাবলৈ সক্ষম হ’বনে ? নে এনেদৰে চৰম অৰাজকতাৰে চলি থকা ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীক লৈ সদায়ে চিকিৎসক কৰ্মচাৰী তথা বিভাগে হেতালি খেলি থাকিব ?Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.