ETV Bharat / state

সন্তানক কোলাত লৈ পিতৃ-মাতৃৰ চকুলোঃ সহায় বিচাৰি ৰাইজলৈ কাতৰ আহ্বান

author img

By

Published : Nov 23, 2019, 9:29 AM IST

কামৰূপ জিলা বংশৰৰ বৰবাৰীৰ এহাল পিতৃ-মাতৃৰ হাহাকাৰ ৷ তিনি বছৰীয়া পুত্ৰ সন্তানৰ দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ বাবে সহায় বিচাৰি ৰাইজলৈ কৰুণ আহ্বান পিতৃ-মাতৃৰ ৷

সন্তানক কোলাত লৈ পিতৃ-মাতৃৰ চকুলোঃ অৰ্থ সহায়ৰ বাবে কৰুণ আহ্বান ৰাইজক

কামৰূপ, 23 নৱেম্বৰঃ তিনি বছৰীয়া পুত্ৰ সন্তানক লৈ কামৰূপ জিলা বংশৰৰ বৰবাৰীৰ এহাল পিতৃ-মাতৃৰ হাহাকাৰ ৷ কাৰণ তিনি বছৰীয়া পুত্ৰ সন্তানৰ দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ বাবে হাতত নাই ধন ৷

সন্তানক কোলাত লৈ পিতৃ-মাতৃৰ চকুলোঃ অৰ্থ সহায়ৰ বাবে কৰুণ আহ্বান ৰাইজক

সমনীয়াৰ সৈতে উমলাৰ সময়তে মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত এটি শিশু ৷ শিশুটিৰ নাম প্ৰিয়ম ডেকা ৷ ইতিমধ্যে শিশুটিৰ পিতৃ-মাতৃয়ে চিকিৎসাৰ নামত সকলো সা-সম্পত্তি বিক্ৰী কৰিছে ৷ কিন্তু সুস্থ হোৱা নাই শিশুটি ৷ শিশুটিক সুস্থ কৰিবলৈ এতিয়া প্ৰয়োজন হৈছে লাখ-লাখ টকা ৷ কোনোমতে দিন হাজিৰা কৰি চলি থকা পৰিয়ালটোৱে ৰাইজ তথা চৰকাৰলৈ শিশুটিৰ চিকিৎসা ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে ৷ সংবাদ মাধ্যম যোগে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও চিকিৎসাৰ বাবে কৰুণ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ যদি কোনো সদাশয় লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে - 3423370653 নম্বৰৰ চেণ্ট্ৰেল বেংক,গুৱাহাটী আমবাৰী শাখাত পিতৃৰ নামত থকা একাউন্টত জমা দিব পাৰিব বুলি জনাইছে ৷

Intro:Slug- HAJO- BLOOD CANCER CHILD
*ব্লাড কেঞ্চাৰত আক্রান্ত কণমানি*

Script- এটি কণমানি শিশু। নাম প্ৰিয়ম ডেকা। তিনিবছৰ বয়স তাৰ। সমনীয়াৰ সৈতে উমলাৰ বয়স তাৰ। কিন্তু এই সময়তে সি মাৰাত্মক কৰ্কট ৰোগৰ সৈতে যুজঁ দিব লগা হৈছে। Body:কণমানিটি ব্লাড কেঞ্চাৰত আক্রান্ত। চাৰি মাহ পূৰ্বে শিশুটিৰ দেহত ধৰা পৰিছে তেজত কৰ্কট ৰোগৰ বীজাণু। পিতৃ মাতৃৰ হাহাকাৰ কেনেকৈ কৰিব কণমানিটিৰ চিকিৎসা। কোনো মতে দিন হাজিৰা কৰি পেট পুহপাল দিয়া পৰিয়ালটোৰ মুখত সৰগ ভাগী পৰিছে। কামৰূপৰ বংশৰৰ বৰবাৰী পাহাৰত ঘৰ এইটো পৰিয়ালৰ। অটল অমৃত যোজনাৰ পৰা যি ঔষধ পাতি পাইছে সেয়াও পৰ্যাপ্ত নহয়। ধনৰ অভাৱত চিকিৎসাৰ পৰাও বঞ্চিত এই শিশুটি। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান পৰিয়ালটোৰ। সহায় কৰক আমাৰ বাবুক। Conclusion:আপুনি মই আমি সকলোৱে এই শিশুটিক অকণমান সহায়ৰ হাত আগ বঢ়াব নোৱাৰো নে! আগবাঢ়ি আহিব নে কোনো দল সংগঠন। আপুনি যদি কণমানিটিক সহায় কৰিব বিচাৰে তেন্তে-
3423370653
পিতৃ- ললিত ডেকা
চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ আমবাৰী শাখাত থকা এই একাউণ্টত সহায়ৰ হাত আগবঢ়াব পাৰে। আপোনাৰ অকণমান সহাঁয়ে জীৱন দান দিব পাৰে শিশুটিৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.