ৰঙিয়া,৬ অক্টোবৰ : কামৰূপ জিলাৰ ৰঙিয়াত চলিল আয়কৰ বিভাগৰ অভিযান । মঙলবাৰৰ পুৱাৰ পৰা অব্যাহত আছে আয়কৰ বিভাগৰ এই অভিযান । উত্তৰ-পূৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তিনি ভাতৃ ক্ৰমে ভূপেন দাস, নৱ দাস আৰু পুলক দাসৰ বাসগৃহত অভিযান চলাইছে আয়কৰ বিভাগে ।

বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ দুটাকৈ দলে চলাইছে এই অভিযান । বুধবাৰ পৰ্যন্ত ব্যৱসায়ী কেইজনৰ দুয়োটা অট্টালিকাতে আয়কৰ বিভাগে অভিযান অব্যাহত ৰাখিছে । অভিযানকাৰী দলটোৱে সংবাদ মাধ্যমক কোনো মন্তব্য দিয়া নাই যদিও জানিব পৰা মতে ঘৰ আৰু কাৰ্যালয়ত তেওঁলোকৰ সকলো নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰিছে আয়কৰ বিভাগে ।

ব্যৱসায়ী কেইজনৰ বাসগৃহত এনেদৰে আয়কৰ বিভাগে অভিযান চলোৱাত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :আমগুৰিৰ ‘সৌৰশক্তি পাৰ্ক’ৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ দিশে