ETV Bharat / state

২১ বছৰে অসম্পূৰ্ণ তৰুণ সংঘৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্য - ৰঙিয়া সমষ্টিৰ বিধায়ক

21 বছৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ ন’হল ৰঙিয়াৰ কণিহাৰ তৰুণ সংঘৰ প্ৰেক্ষাগৃহ ৷ কোনো এখন চৰকাৰেই সম্পূৰ্ণ কৰিব নোৱাৰিলে এই প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম ৷ ২০১৮ চনত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই আধুনিক বিজ্ঞানসন্মত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ বাবে প্ৰায় ১ কোটি টকাৰ অনুদান আগবঢ়াইছিল ৷

২১ বছৰে সম্পূৰ্ণ নহ’ল কণিহাৰ তৰুণ সংঘৰ পেক্ষাগৃহৰ নিৰ্মাণ কাম

author img

By

Published : Feb 13, 2021, 7:59 AM IST

ৰঙিয়া,13 ফেব্ৰুৱাৰীঃ বিগত প্ৰায় 21 বছৰেও সম্পূৰ্ণ ন’হল ৰঙিয়াৰ কণিহাৰ তৰুণ সংঘৰ প্ৰেক্ষাগৃহ ৷ কি অগপ চৰকাৰ, কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ- কোনো এখন চৰকাৰেই সম্পূৰ্ণ কৰিব নোৱাৰিলে এই প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম ৷ প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ বাবদ আৱণ্টিত কোটি কোটি টকা পানীত পৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, ২০১৮ চনত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই আধুনিক বিজ্ঞানসন্মত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ নামত প্ৰায় ১ কোটি টকাৰ অনুদান আগবঢ়াইছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, কোটি টকা অনুমোদন দিয়াৰ পাছতো বৰ্তমানলৈকে সম্পূৰ্ণ নহ’ল প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম ৷ প্ৰায় ৪০ শতাংশ কাম কৰিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰে ৷ লক ডাউনৰ পূৰ্বৰ পৰাই বিভিন্ন মইমতালিৰে বন্ধ ৰাখিছে প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম । পৰিতাপৰ বিষয় যে, দীৰ্ঘদিন ধৰি আধুনিক বিজ্ঞানসন্মত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম বন্ধ ৰখাত অ-সামাজিক কাম-কাজৰ আড্ডাস্থলী হিচাপেহে পৰিগণিত হৈছে ৷ আনহাতে প্ৰেক্ষাগৃহৰ ভিতৰচ’ৰাত হাবি-জংঘলৰে ভৰি পৰি বৰ্তমান ভূত বাংলালৈ পৰিণত হৈছে এই কোটি টকীয়া প্ৰকল্পটো ৷

২১ বছৰে সম্পূৰ্ণ নহ’ল কণিহাৰ তৰুণ সংঘৰ পেক্ষাগৃহৰ নিৰ্মাণ কাম

ৰঙিয়াবাসীয়ে আশা কৰিছিল যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণভাৱে মুকলি কৰা হ’ব কণিহাৰ তৰুণ সংঘৰ প্ৰেক্ষাগৃহটো ৷ কিন্তু নিৰ্বাচনলৈ মাজত মাত্ৰ 1-2টা মাহহে বাকী ৷ কিন্তু প্ৰেক্ষাগৃহটোৰ প্ৰায় ৬০ শতাংশ কামেই বাকী আছে ৷ যাক লৈ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷

উল্লেখ্য যে. কাৰ আশীৰ্বাদত এনেদৰে প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ বন্ধ কৰি ৰাখিছে ? এই প্ৰেক্ষাগৃহটো সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে নেকি ? এই প্ৰেক্ষাগৃহটোৰ পৰা কাৰ পকেট গৰম হৈছে ? সম্প্ৰতি এনেবোৰ প্ৰশ্ন উত্থাপন কৰিছে ৰঙিয়া মহকুমাৰ অন্তৰ্গত এই বৃহত্তৰ অঞ্চলৰ ৰাইজে ।

লগতে পঢ়কঃ 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.