ETV Bharat / state

বকোৰ ভূটাৰগাড়ীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

author img

By

Published : Nov 5, 2020, 12:57 PM IST

জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা হ'ব বুলি জনাইছে বন বিভাগৰ লোকে ৷ ঘটনা সন্দৰ্ভত বন বিভাগে অব্যাহত ৰাখিছে তদন্ত ৷

Illegal wood seized at BOKO
বকোৰ ভূটাৰগাড়ীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

বকো, 5 নৱেম্বৰ: পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বনকৰ্মীৰ ধাৰাবাহিক অভিযানত বুধবাৰে নিশা বকোৰ ভূটাৰগাড়ীৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা ৷ বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া কুশল দাস আৰু বনপালক আনাতুল্লা আলীৰ নেতৃত্বত চলা অভিযানত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ অঞ্চলৰ ভূটাৰগাড়ীৰ পৰা জব্দ কৰে এখন নম্বৰ প্লেটহীন ডি আই গাড়ীসহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা হ'ব বুলি জনাইছে বন বিভাগৰ লোকে ৷

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা অঞ্চলটোত একাংশ দুষ্ট লোকে চোৰাং কাঠৰ বেহা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰি আহিছে ৰাইজে ৷ কাঠসহ জব্দ কৰা ডি আই বাহন খন বৰ্তমান বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ত ৰাখিছে বনকৰ্মীয়ে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত প্ৰতিবেশীৰ দাৰ ঘাপত আহত 2 যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.