ৰঙিয়া,27নৱেম্বৰঃ শুকুৰবাৰে ৰঙিয়াৰ খন্দিকৰৰ উলুবাৰীত বিপিএফ দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰে । কোকৰাঝাৰত হোৱা বিজেপিৰ নিৰ্বাচনী সভাৰ পূৰ্বে মন্ত্ৰী বিশ্ব শৰ্মাৰ আদেশতেই বিপিএফৰ দলীয় পতাকা ছিঙা হৈছে বুলি অভিযোগ কৰে । লগতে বিটিএডিত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে হিমন্ত বিশ্ব শৰ্মা দায়ী হ’ব বুলি হাগ্ৰামাই কয় ।
লগতে বিটিচিত বিজেপিৰ এজনো সমৰ্থক নাই বুলি দাবী কৰি নিৰ্বাচনী সভাসমূহত বাহিৰৰ মানুহ আনিহে হিমন্ত বিশ্ব শৰ্মাই সভা আয়োজন কৰিছে বুলি কটাক্ষ কৰে হাগ্ৰামাই । বিধানসভা নিৰ্বাচনত বিজেপিয়ে এখনো আসন নাপায় বুলি দাবী কৰি হাগ্ৰামাই বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব বুলি সকিয়াই দিয়ে । লগতে কয় যে, যদিহে বিটিচিত বিজেপিৰ জয় হয়, তেতিয়া হলে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ দৰে ইয়াতো হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিব হিমন্ত বিশ্ব শৰ্মাই । বিটিচিৰ শাসনত বিপিএফ আহিলে মাটিৰ পট্টা সম্পৰ্কে নীতি সলনি কৰি সকলোকে দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ উপৰিও চাকৰিৰ কথা উল্লেখ কৰি কয় যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত কেৱল বিটিচিৰ বাসিন্দাইহে আবেদন কৰিব পাৰিব । ৰবিৰাম নাৰ্জাৰী আৰু প্ৰদীপ ব্ৰহ্মই ভোটাৰক ভাবুকি দিয়াৰ কথা অস্বীকাৰ কৰে হাগ্ৰামাৰ । বিপিএফে কোনোধৰণৰ ভাবুকিৰ ৰাজনীতি নকৰে বুলি কয় হাগ্ৰামাই ।
আনহাতে অভিনেতা বিপুল ৰাভাই স্বৰ্ণজ্যোতি আঁচনিখনৰ বিষয়ে উপলুঙা কৰি কয় যে, আঁচনি খনৰ পৰা ৰাইজে সুফল নাপালে, ৰাজ্যৰ জনসংখ্যাহে বৃদ্ধি হ’ল ।
লগতে পঢ়কঃ ‘Cyclone’ কি?