ৰঙিয়া, 10 জুন: ৰাজ্যত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছ ,নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাই আহিছে অভিযান ৷ শুক্ৰবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে ৰঙিয়াৰ পিতাম্বৰ হাটবজালীত অভিযান চলায় (Rangia Police raid) ৷ অভিযানৰ সময়তে হাতে-লোতে গ্ৰেপ্তাৰ কৰিলে এটা ড্ৰাগছ সৰবৰাহকাৰীক (One drugs peddler arrest in Rangia) ৷ জানিব পৰা মতে ড্ৰাগছ বিক্ৰী কৰিবলৈ লওঁতে হাতে-লোতে কৰায়ত্ত কৰে সৰবৰাহকাৰীটোক ৷ গোপন সূত্ৰৰ ত্যথৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাইছিল অঞ্চলটোত ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰবিউল হক । দীৰ্ঘ দিন ধৰি অঞ্চলটোত ৰবিউল হকে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা (Arrested drugs peddler in rangia) ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় পাঁচ লক্ষাধিক টকাৰ মূল্যৰ ড্ৰাগছ ৷ 38 টা কন্টেইনাৰত 12.53 গ্ৰাম মৰাত্মক ড্ৰাগছ জব্দ কৰে সৰবৰাহকাৰীটোৰ পৰা (12.53 gm drugs seized in Rangia Police) ৷ ইফালে ড্ৰাগছৰ সৰবৰাহকাৰী ৰবিউল হকৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে তাৰ ত্যথৰ বাবে আক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে ৷ ড্ৰাগছ সৰবৰাহকাৰী ৰবিউল হকৰ ঘৰ ৰঙিয়াৰ উদিয়ানাত বুলি জানিব পৰা গৈছে (Rangia police station) ৷
একাংশ ৰাইজৰ অভিযোগ - ৰঙিয়াৰ অলিয়ে-গলিয়ে এতিয়া সুলভ মূল্যত উপলব্ধ মাৰাত্মক ড্ৰাগছ । একাংশ নৱ প্ৰজন্মই ড্ৰাগছ সেৱন কৰি নিজৰ জীৱনটো ধ্বংসৰ গৰাহলৈ ঠেলি নিছে । অভিভাৱক সকলে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক উৎখাত কৰিবলৈ চৰকাৰ আৰু আৰক্ষীক বাৰম্বাৰ দাবী জনাই আহিছিল । তাৰ পিছত আৰক্ষীয়ে ৰৌ-বৌৰালিক ৰেহাই দি ক্ষুদ্ৰ ক্ষুদ্ৰ ড্ৰাগছ সৰবৰাকীকহে আটক বা গ্ৰেপ্তাৰ কৰিয়ে দায়িত্ব সামৰিছে এই অভিযোগ ৰাইজৰ ৷
লগতে পঢ়ক:Electricity tariff hike: বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিলে বিল বেছিকৈ আহিবই; মুখ্যমন্ত্ৰী