ৰঙিয়া,১৯ মাৰ্চ: বছৰ বছৰ ধৰি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অসমৰ গৃহৰক্ষী জোৱানসকলে । কিন্তু এতিয়াও বঞ্চিত তেওঁলোক । যাৰ বাবে এইবাৰ ১৮ মাৰ্চৰ পৰা অনিৰ্দিষ্টকাললৈ গৃহৰক্ষীসকলে অসহযোগ আন্দোলন আৰম্ভ কৰিছে ।
চাকৰি নিয়মীয়াকৰণ, অনলাইন বিস্তাৰিত কৰা প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সমান কামৰ সমান দৰমহা আদায়ৰ দাবী উত্থাপন কৰিছে গৃহৰক্ষীসকলে । বৰ্তমান গৃহৰক্ষী সকলৰ দৰমহা মাহত ৯ হাজাৰ টকা ।
অসহযোগৰ সময়ত সমাগত বিধানসভা নিৰ্বাচনত অসমৰ সৰ্বমুঠ ২৭ হাজাৰ গৃহৰক্ষীয়ে নিৰ্বাচনী কামত সহযোগ নকৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদী গৃহৰক্ষী জোৱানসকলে । লগতে ভোট বৰ্জনৰো সিদ্ধান্ত লৈছে গৃহৰক্ষীসকলে । ইফালে অসমৰ শান্তি-শৃংখলা বজাই ৰখাত যেনেদৰে গৃহৰক্ষী জোৱানসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তেনেদৰে যদিহে আগন্তুক বিধানসভা নিৰ্বাচনত গৃহৰক্ষীয়ে অসহযোগ কৰে তেন্তে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছে ।
লগতে পঢ়ক:গায়ন-বায়নৰ চৰণত আঠু ল'লে কংগ্ৰেছ প্ৰাৰ্থী অংকিতাই