ETV Bharat / state

ধৰ্মৰ ভেটা ভাঙি মহানুভৱতাৰ চানেকি দেখুৱালে চায়েদে - ETV_ASSAM

সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে ৷ ধৰ্মপিতা হিচাপে মান্য এগৰাকী 85 বছৰীয়া বৃদ্ধৰ মৃত্যুৰ পাচত যাৱতীয় কাজ-কৰম কৰিছে এই যুৱকজনে ৷ কেও কিছু নোহোৱা নগেন দাস আৰু সিদ্ধেশ্বৰী দাস নামৰ এহাল বৃদ্ধ দম্পতীয়ে ধৰ্মপুত্ৰ হিচাপে মানি আহিছিল চায়েদক ৷ নগেন দাসৰ মৃত্যুৰ পিচত মৃতুকৰ সকলো নীতি-নিয়ম বৈদিক ৰীতি-নীতিৰে পালন কৰিছে চায়েদে ৷

ধৰ্মৰ ভেটা ভাঙি মহানুভৱতাৰ চানেকি দেখুৱালে চায়েদে
author img

By

Published : Jul 23, 2019, 5:34 PM IST

বকো, জুলাই 23 : ঐক্য আৰু সম্প্ৰীতিৰ মিলন ভূমি বুলি কোৱা হয় অসম ভূমিক ৷ অসম মুলুকৰে নগৰবেৰাৰ শিমলীতোলাত সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে ৷ ধৰ্মপিতা হিচাপে মান্য এগৰাকী 85 বছৰীয়া বৃদ্ধৰ মৃত্যুৰ পাচত যাৱতীয় কাজ-কৰম কৰিছে এই যুৱকজনে ৷ যুৱকজনৰ নাম চায়েদ আলী ৷ কেও কিছু নোহোৱা নগেন দাস আৰু সিদ্ধেশ্বৰী দাস নামৰ এহাল বৃদ্ধ দম্পতীয়ে ধৰ্মপুত্ৰ হিচাপে মানি আহিছিল চায়েদক ৷ মৃত্যুৰ পূৰ্বে নগেন দাসে চায়েদক অনুৰোধ জনাইছিল তেখেতৰ মৃত্যুৰ পিচত যাৱতীয় সকলো নীতি-নিয়ম পালন কৰিবলৈ ৷

ধৰ্মৰ ভেটা ভাঙি মহানুভৱতাৰ চানেকি দেখুৱালে চায়েদে

সেই মৰ্মে নগেন দাসৰ মৃত্যুৰ পিচত মৃতকৰ সকলো নীতি-নিয়ম বৈদিক ৰীতি-নীতিৰে পালন কৰিছে চায়েদে ৷ অৱশ্যে এইসমূহ কাম সম্পাদনৰ বাবে গাঁওবাসীৰ পৰা অনুমতিও লৈছে যুৱকজনে ৷ আনকি শ্ৰাদ্ধ আদিৰ সকলো খৰচ নিজে বহন কৰাৰ লগতে আত্মীয়-কুটুম্ব, গাঁওবাসীক নিমন্ত্ৰণ জনোৱা আদি সকলো কাম নিজেই কৰিছে চায়েদে ৷ কথাতে কোৱা হয় যাৰ আপোন বুলিবলৈ কোনো নাথাকে, সেইজনৰ বাবে ভগৱানেই হৈ পৰে সহায় ৷ নগেন দাসৰ বিধবা পত্নীৰ বাবে এতিয়া একমাত্ৰ সহায় ধৰ্মপুত্ৰ চায়েদ আলী ৷ ধৰ্মৰ উৰ্ধত গৈ মহানুভৱতাৰ নিদৰ্শন দেখুওৱা চায়েদৰ এই কৰ্ম নিঃসন্দেহে শলাগিবলগীয়া ৷ যিসময়ত এচাম ধৰ্মান্ধ মানুহে জাত-পাতৰ নামত সমাজত ভেদাভেদৰ বিষবাষ্প বিয়পাই আহিছে ,তেনে সময়তে চায়েদ আলীয়ে দেখুওৱা এই আদৰ্শই সমাজক নতুন এক মাত্ৰা দিছে ৷ এই মহানুভৱতা যেন মানৱ সমাজৰ বাবে হৈ পৰিছে মানৱীয়তাৰ এক চানেকি স্বৰূপ ৷

Intro:Body:সাধ্যানুসাৰে নিঃস্ব জনলৈ সহায় কৰা ,সমমৰ্মিতা দেখুৱাব পৰাটো নিঃসন্দেহে বহল মানসিকতাৰে পৰিচায়ক , এক ব্যতিক্ৰমী উদাৰতা| প্ৰথমে এই ফটোখনলৈ মন কৰক,নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী শিমলীতোলা গেৰুৱা তিনিআলীৰ নগেন দাস(৮৫) নামৰ এই বৃদ্ধ গৰাকী আজিৰেপৰা দহ দিনৰ পূৰ্বে মৃত্যু ঘটে ,পৰিয়ালত সম্প্ৰতি স্বৰ্গীয় নগেন দাসৰ বিধৱা পত্নী সিদ্ধেশ্বৰী দাস | নগেন দাসৰ জী-পুত্ৰ কোনো নথকাৰ বাবেই অঞ্চলটোৰ নৱাগত শিমলীতোলা বজাৰৰ চায়েদ আলী নামৰ এজনক ধৰ্মপুত্ৰৰ চকুৰে চাইছিল স্বৰ্গীয় নগেন দাসে | আনকি মৃত্যুৰ পূৰ্বে চাহেদ আলীক ধৰ্মীয় ৰীতি মতে যাৱতীয় কামফেৰা কৰিবলৈ অনুৰোধ জনাইছিল স্বৰ্গীয় বৃদ্ধ গৰাকীয়ে | সেই মৰ্মে মৃত্যুৰ দিনৰে পৰা মৃতক সমস্ত খা-খৰছ বহন কৰি আহিছে চায়েদ আলীয়ে | দহ দিনৰ দহা’ৰ দিনটোত এইদৰে বৰষুণৰ মাজতো বৈদিক ৰীতি মতেই সকলো কামৰ দিহা কৰে নৈৰ পাৰত |অৱশ্যে এইখিনি কামৰ বাবে গাঁৱবাসীৰ অনুমোদনো লয় চায়েদ আলীয়ে |কামফেৰা কৰিব পাই উৎফুল্লিত চায়েদ আলীও-

Byte-Sayed Ali
Byte-Villager

দহা ,শ্ৰাদ্ধ ,মৎস্য স্পৰ্শ সকলো প্ৰতিটো সকামৰ বাবে যাৱতীয় সকলো বজাৰ-সমাৰ কৰাৰে পৰা ৰভা পতা, প্ৰয়াত নগেন দাসৰ আত্মীয়-কুটুম আৰু গাঁৱবাসীক নিমন্ত্ৰণ কৰালৈকে প্ৰতিটো কামৰ দ্বায়িত্ব এইগৰাকী মুছলিম যুৱকৰ ওপৰত | মৃতকৰ বিধৱা পত্নী সিদ্ধেশ্বৰী আইতাৰ বাবে চায়েদ আলী নিজৰ সন্তানৰ দৰে |
কথাতে কোৱা হয় ,যা’ৰ আপোন বুলিবলৈ কোনো নাথাকে ,সেইজনৰ বাবে থাকে ভগৱান |বেলেগ সম্প্ৰদায়ৰ হ’লেও চায়েদ আলী আইতাৰ বাবে যেন নৰৰূপী সাক্ষাৎ ভগৱান ! ধৰ্মৰ উৰ্দ্ধত গৈ এনে মহানুভৱতা নিঃসন্দেহে শলাগিবলগীয়া | সাম্প্ৰদায়িক সংকীৰ্ণতা এৰি এইদৰে এগৰাকী ধৰ্মপুত্ৰৰ দ্বায়িত্ববোধৰ চায়েদ আলীয়ে দেখুওৱা আদৰ্শ সমাজত এক নতুন চানেকি হওক |সকলোৱে শলাগিছে এই বদান্যতাক ||Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.