কামৰূপ , 13 ফেব্ৰুৱাৰীঃ ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰৰ এক সুন্দৰ পৰিবেশত সম্পূৰ্ণ বিজ্ঞানসন্মান ভাবে নিৰ্মাণ কৰা শিলাগ্ৰেন্ট স্বৰ্গদ্বাৰ উদ্বোধন কৰিলে বিত্তমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷ বুধবাৰে নিশা অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক ডঃ টি জি চিতাৰামে আনুষ্ঠানিকভাৱে মুকলি কৰে এই শিলাগ্ৰেন্ট স্বৰ্গদ্বাৰ ।
উল্লেখযোগ্য যে, ১ কোটি ৩০ লাখ টকা ব্যয় কৰি নিৰ্মান কৰা হৈছে শিলাগ্ৰেন্ট স্বৰ্গদ্বাৰ ৷ নিৰ্মাণ কাৰ্যত ব্যৱহৃত টকাখিনি আই আই টি গুৱাহাটী আৰু শিলাগ্ৰেন্টবাসী ৰাইজৰ অনুদানৰ জৰিয়তে সংগৃহীত ৷ বুধবাৰে আমিনগাঁও শিলাগ্ৰেন্টত স্বৰ্গদ্বাৰ, শিলাগ্ৰেন্ট উদ্যান লগতে লঠিয়া বাগিছা বাথৌ মন্দিৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃলেইজ আৰু আংক’ল চিপচৰ বাবে আলু উৎপাদন কৰিব বৰপেটাৰ কৃষকে