দক্ষিণ কামৰূপ,25 নৱেম্বৰঃ দক্ষিণ কামৰূপৰ মিৰ্জাত এদল মানুহ ৷ মিৰ্জাৰ চ'কৰ ৰাষ্ট্ৰীয় ঘাইপথত বিচাৰি ফুৰিছে এটি গৰু । মুগা ৰঙৰ আগফালে বেঁকা শিঙৰ এটি বিশেষ গৰু বিচাৰি ফুৰিছে এইসকল লোকে । দোকান-পোহাৰ,বজাৰ,গাড়ীৰ যাত্ৰীক আনকি কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলোকো সুধি ফুৰিছে মুগা ৰঙৰ গৰুটো ক'ৰবাত দেখিছে নেকি । বিচিত্ৰ বৰা নামৰ এজন লোকৰ গৰুটো হেৰুৱাৰ ফলত ইতিমধ্যে লোকজনৰ মাক হেনো অসুস্থ হৈ পৰিছে কিন্তু কোনোৱে যেন সম্ভেদ পোৱা নাই এই গৰুটোৰ । শেষবাৰৰ বাবে হাতীগাওঁ চাৰিআলিত দেখা গৈছিল গৰুটো ৷ এতিয়া এনেদৰে অলিয়ে-গলিয়ে গৰুটো বিচাৰি চলাথ কৰিছে এইদল মানুহে ।
গৰু হেৰুৱা বিষয়টো ৰাজপথৰ উপৰিও ইতিমধ্যে ছ'চিয়েল মিডিয়াটো বহুলভাৱে চৰ্চিত হৈ আহিছে । বহুজনে গভীৰভাৱে লৈছে গৰু হেৰুৱা বিষয়টো । কিন্তু এয়া আছিল এক অসমীয়া ছবিৰ প্ৰচাৰহে । এই হেৰুৱা গৰুটো আপোনালোকে দেখা পাব অহা ২৪ জানুৱাৰীত অসমৰ ছবিগৃহসমূহত । ইতিমধ্যে মুক্তিৰ পুৰ্বে বহুলভাৱে চৰ্চিত হোৱা "গৰু" নামৰ অসমীয়া ছবিখন পৰিচালনা কৰিছে দক্ষিণ কামৰূপৰ সুযোগ্য সন্তান তথা বিশিষ্ট নাট্যকাৰ,অভিনেতা হিমাংশু প্ৰসাদ দাসে । অহা ২৪ জানুৱাৰীত মুক্তিলাভ কৰিবলগীয়া "গৰু" নামৰ ছবিখনৰ আজি প্ৰথমখন প'ষ্টাৰ মুকলি কৰা হয় মিৰ্জাৰ মামনি ৰয়চম গোস্বামী চ'কত । অসমৰ ২৫খন ঠাইত একেলগে,একেসময়তে মুকলি কৰা হয় গৰু ছবিখনৰ প'ষ্টাৰ। এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে প'ষ্টাৰ মুকলি কৰা এই অনুষ্ঠানটিৰ বাবে আহিবলগীয়া "গৰু" নামৰ ছবিখনৰ বাবে অধিক উৎকন্ঠা বৃদ্ধি হৈছে ৰাইজৰ মাজত । অসমৰ দৰ্শকক এখন হাস্যমধুৰ ছবিৰ জড়িয়তে সমাজ সচেতনাৰ ওপৰত এক বিশেষ বাৰ্তা দিয়া হ'ব বুলি জনাই পৰিচালক হিমাংশু প্ৰসাদ দাসে ।
ছবিৰ প্ৰচাৰৰ বাবে ন-ন কৌশল অৱলম্বন কৰা পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাসৰ 'গৰু' নামৰ ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস,অৰুণ নাথ,পাকিজা বেগম,চন্দন দাস,বাহাৰুল ইছলাম,লনিশ্ৰী দাসৰ লগতে বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।