ৰঙিয়া, 20 মে‘ : ৰঙিয়াত স্বাস্থ্য বিভাগে আয়োজন কৰা সাক্ষাৎকাৰক লৈ বুধবাৰে সৃষ্টি হয় হাহাকাৰময় অৱস্থাৰ । কভিড-19 ৰ বাবে স্থাপন অস্থায়ী কোৱাৰান্টাইন চেন্টাৰ আৰু চিকিৎসালয় সমূহৰ বাবে প্ৰয়োজন হোৱা চাফাই কৰ্মীৰ মৌখিক সাক্ষাৎকাৰ দিবলৈ নাপালে প্ৰায় চাৰি শতাধিক যুৱক-যুৱতীয়ে ।
পুৱাৰ পৰাই শাৰী পাতি সাক্ষাৎকাৰৰ বাবে অপেক্ষা কৰি থকা কেইবা শতাধিক যুৱক-যুৱতীক সময়ৰ অভাৱ দেখুৱাই নললে সাক্ষাৎকাৰ । সাক্ষাৎকাৰ অনুষ্ঠিত কৰা ৰঙিয়া মহাবিদ্যালয়ৰ চৌহদত বঞ্চিত যুৱক-যুৱতীসকলে সাক্ষাৎকাৰ লবলৈ কৰ্তৃপক্ষক অনুৰোধ জনায় যদিও কৰ্তৃপক্ষই যুৱক-যুৱতীসকলৰ সাক্ষাৎকাৰ লবলৈ অস্বীকাৰ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়ন কৰা অৰ্ধসামৰিক বাহিনীয়ে যুৱক-যুৱতীসকলক উক্ত স্থানৰ পৰা আঁতৰাই পঠিয়াই । যুৱক-যুৱতীসকলে সাক্ষাৎকাৰৰ পৰা বঞ্চিত সকলক কভিড-19 কোৱাৰাণ্টাইন চেণ্টাৰৰ বাবে প্ৰয়োজন হোৱা চাফাই কৰ্মীৰ সাক্ষাৎকাৰ পুনৰ অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ।
উল্লেখ্য যে, কভিড-19 কোৱাৰাণ্টাইন কেন্দ্ৰ সমূহত প্ৰয়োজন হোৱা ৩০ টা অস্থায়ী চাফাই কৰ্মীৰ পদৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে বিজ্ঞাপন দিছিল । সেই মৰ্মে প্ৰায় পাঁচশতাধিক যুৱক-যুৱতী সাক্ষাৎকাৰ দিবলৈ আহি বহুতেই সাক্ষাৎকাৰৰ পৰা বঞ্চিত হবলগীয়া হৈছে । বঞ্চিত যুৱক-যুৱতীসকলে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক : 170লৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা