বাইহাটা, 31 মাৰ্চ : গুৰু শিষ্যৰ সম্পর্কত কালিমা সনাৰ অভিযোগ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে । কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ (Patidarrang Vidyapeeth High School) প্ৰধান শিক্ষক পৰেশ ডেকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা একাংশ ছাত্ৰীক পৰীক্ষাত নিজৰ সুবিধা অনুযায়ী চিট নম্বৰ দিয়া বুলি অভিযোগ উত্থাপন হৈছে (Headmaster accused of student abuse) ৷
মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা কেইগৰাকীমান ছাত্ৰীক নিজৰ অসৎ কামনা পূৰণৰ উদ্দেশ্যে ব্যৱহাৰ কৰাৰ বাবে সুবিধা অনুযায়ী চীট নম্বৰ দিয়াৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক পৰেশ ডেকাৰ বিৰুদ্ধে ৷ ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰিছে প্ৰধান শিক্ষকগৰাকীৰ বিভিন্ন ধৰণৰ কথোপকথনৰ অশ্লীল অডিঅ’ ক্লিপ ৷
ইয়াৰ পূৰ্বেও বিভিন্ন বিতৰ্কত সাঙোৰ খাই পৰা প্ৰধান শিক্ষক পৰেশ ডেকাৰ এনে নিকৃষ্ট কাণ্ডৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় দল সংগঠনসমূহৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ যাৰ ফলত বৃহস্পতিবাৰে পৰেশ ডেকা মূর্দাবাদ, পৰেশ ডেকাক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে স্থানীয় দল সংগঠনসমূহৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে এক প্ৰতিবাদ কাৰ্যসূচী হাতত লয় ৷
শেষত বাইহাটা চাৰিআলিৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দোষীক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক : ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন