ETV Bharat / state

হাজো সমষ্টিৰ বাৰংহাটীত কৰ'ণাত আক্ৰান্তক কেন্দ্ৰ কৰি চাঞ্চল্য

author img

By

Published : May 19, 2020, 6:25 PM IST

কাৰণ গাঁওখনৰ চাৰিজন ব্যক্তি ক্ৰমে প্ৰণৱ কলিতা, ৰণী কলিতা, নৱজিৎ কলিতা, আৰু উৎপল কলিতাৰস দেহত ধৰা পৰিছে কভিড-19 ভাইৰাছৰ অৱস্থিতি ৷

Havoc at Baranghati of Hajo due to covid-19 positive case
হাজো সমষ্টিৰ বাৰংহাটীত কৰ'ণাত আক্ৰান্তক কেন্দ্ৰ কৰি চাঞ্চল্য

গুৱাহাটী, 19 মে': অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড-19 ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ বিগত দুটা দিনত দ্ৰুত গতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে 135 জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বিগত 24 ঘন্টাত 14 জন লোকৰ দেহত ধৰা পৰিছে কোভিড–19 পজিটিভ ৷ ইয়াৰ ভিতৰত 7 জন কামৰূপৰ, 2 জন হোজাইৰ, 2 জন বিশ্বনাথৰ, 1 জন নগাঁৱৰ আৰু দুজন নলবাৰীৰ ৷ এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

এই ঘোষণা কৰাৰ পাছতে এতিয়া কামৰূপৰ হাজো সমষ্টিৰ বাৰংহাটী গাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কাৰণ গাঁওখনৰ চাৰিজন ব্যক্তি ক্ৰমে প্ৰণৱ কলিতা, ৰণী কলিতা, নৱজিৎ কলিতা, আৰু উৎপল কলিতাৰস দেহত ধৰা পৰিছে কভিড-19 ভাইৰাছৰ অৱস্থিতি ৷ 16 মে' ত হাৰিয়ানাৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল আটাইকেইজন লোক ৷ ইয়াৰ পাছতে আটাইকেইজনক মহানগৰীৰ বন্দনা হোটেল আৰু অতিথিশালা কোৱাৰেন্টাইন চেণ্টাৰত ৰখা হৈছিল ৷ লোক কেইজনৰ দেহত কভিড-19 পৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৷

লগতে পঢ়কঃ দুবছৰীয়া শিশু সহ হোজাইৰ দুজনৰ দেহত COVID-19

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.