হাজো,3 এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে হাজোৰ বিশিষ্ট সমাজকৰ্মী বনমালী দাস আৰু গণেশ দাসে তিনিদিনীয়া কাৰ্যসূচীৰে হাজোৰ বিভিন্ন অঞ্চলত চেনিটাইজেশ্যন কৰি বীজাণু নাশ কৰিবলৈ চেষ্টা কৰে ৷ কাৰ্যসূচীৰ দ্বিতীয় দিনা পুৱা 7 বজাৰ পৰা নিশা 8 বজালৈ হাজোৰ সমীপৰ বিভিন্ন গাঁৱৰ চ’ক, বজাৰ আদিত চেনিটাইজ কৰা হয় । বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৫ খন গাঁৱত কৰা হয় চেনিটাইজেশ্যন । ইয়াৰ উপৰি হাজোৰ পাখামেলা চ’ক, নতুন বজাৰ, কলিতাকুছি, বামুন্দী, দামপুৰ, ৰামদিয়া আদি অঞ্চলতো চেনিটাইজেশ্যন কৰা হয় । পানীৰ লগত ব্লিছিং,ফেনাইল,ডেটল আদি মিহলাই জন সমাগম থকা অঞ্চলসমূহৰ লগতে চিকিৎসালয় চৌহদত বীজাণু নাশৰ চেষ্টা চলোৱা হয় । অঞ্চলৰ লোকসকলে ব্যক্তি দুগৰাকীৰ এই কাৰ্যৰ শলাগ লয় ।
লগতে চাওকঃ কৰ’ণা ৰোগীৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ 51 জনক সৰুসজাইলৈ স্থানান্তৰ