বৰমা, ১৯ আগষ্টঃ মাজে সময়ে শীতল পনীয়ৰ বটলত বিভিন্ন অখাদ্য উদ্ধাৰ হোৱাৰ ঘটনাৰ দৰেই এক অনুৰূপ ঘটনা দেখা গ'ল হাজোৰ বৰমাত ৷ এইবাৰ কোকা কোলাৰ বটলত দেখা গ'ল ভেকুৰ জাতীয় দ্ৰব্য ৷
বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত অৱস্থিত ৰাভা হোটেলখনৰ পৰা এজন ব্যক্তিয়ে কোকা কোলা ক্ৰয় কৰি হতভম্ব হৈ পৰিল ৷ ব্যক্তি জনে বটলটো নোখোলাকৈয়ে প্ৰত্যক্ষ কৰিলে বটলৰ ভিতৰত ডোখৰা ডোখৰ বস্তু, লগে লগে তেওঁ হোটেলখনৰ মালিকক জনোৱাত মালিকে কোকা কোলা কোম্পানীক অৱগত কৰিলে ৷ কিন্তু ৪৮ ঘণ্টা উকলি যোৱাৰ পিছতো কোম্পানীৰ পৰা কোনো উত্তৰ নোপোৱা বুলি জানিবলৈ দিয়ে ৷
পনীয়া দ্ৰব্যৰ নামত বৰবিহ খুওৱা বহুজাতিক কোম্পানীক চৰকাৰে নাকিলগাবলৈ সচেতন ৰাইজে দাবি জনাইছে ৷