ETV Bharat / state

হাজোত ৭০টা পৰিয়াল বাহিৰলৈ ওলাব নোবাৰিব কিয় ? - হাজো

হাজোৰ আধিযাৰপাৰাত পাঁচ কিলো মিটাৰ পৰ্যন্ত কন্টেইনমেন্ট জন ঘোষণা কামৰূপ জিলা প্ৰশাসনৰ। ইতিমধ্যে ১৪ দিনলৈ বাহিৰত ওলাব নোবাৰিব বুলি প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে ।

ETV BHARAT
হাজোত ৭০টা পৰিয়াল বাহিৰলৈ ওলাব নোবাৰিব কিয়?
author img

By

Published : Jun 4, 2020, 8:21 PM IST

হাজো, 4 জুনঃ কামৰূপ জিলাৰ হাজোৰ আধিযাৰপাৰাত পাঁচ কিলো মিটাৰলৈকে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে ৷ কামৰূপ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে উক্ত অঞ্চলটো ।

হাজোত ৭০টা পৰিয়াল বাহিৰলৈ ওলাব নোবাৰিব কিয়?

উল্লেখ্য যে,হাজোৰ আধিযাৰপাৰৰ ৰাহুল আলী,ইমামূল হক আৰু মেলেকীপাৰাৰ আজিজুৰ ৰহমান কৰ্মসুত্ৰে মহাৰাষ্ট্ৰত আছিল ৷ ইতিমধ্যে তেওঁলোক ২৬মে তাৰিখে ঘৰলৈ ওভতি আহে ৷ লগে লগে কামৰূপৰ মিৰ্জা পতঞ্জলী কোৱাৰেইন্টাইন কেন্দ্ৰত জিলা প্ৰশাসনে কোৱাৰেইন্টাইন হৈ থাকিবলৈ ব্যৱস্থা কৰি দিছিল। তাৰোপৰি তিনিজনকে ছোৱাব সংগ্ৰহ কৰি যোৱা বুধবাৰে নিশা মিৰ্জাৰ পৰা নিশা ১১-30 বজাত এখন গাড়ীৰে আধিযাৰপাৰাৰ ঘৰলৈ লৈ আহে । আনহাতে,লোক কেইজৰ দেহত কোভিড-১৯ পজিটিভ হোৱাৰ খবৰ অহাৰ লগে লগে নিশাই হাজো আৰক্ষী আৰু স্বাস্থ্য কৰ্মীৰ সহযোগত কালাপাহাৰ কোভিড চিকিৎসালয়ত ভৰ্তি কৰে ৷

ইতিমধ্যে,আধিযাৰপাৰাৰ ৰাহুল আলী আৰু ইমামুল হকে নিজ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লগতে অন্য কিছু মানুহৰ সংস্পৰ্শলৈ আহে ৷ ফলত উক্ত ঘটনাটোৰ বাবে স্থানীয় ৰাইজ সংকিত হৈ পৰে ৷ উক্ত খবৰটো অৱগত হোৱাৰ লগে লগে কামৰূপ জিলা প্ৰশাসনৰ হাজো ৰাজহ চক্ৰ বিষযা ধ্ৰুবজ্যোতি দাস,হাজো স্বাস্থ্য বিষযাৰ লগতে হাজো আৰক্ষীৰ সহযোগত ৰাহুল আলী আৰু ইমামূল হকৰ বাসগৃহৰ ওচৰৰ ৭০টা পৰিয়াল সামৰি ৫ কিলো মিটাৰ দুৰত্বলৈ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষনা কৰে । ইতিমধ্যে উক্ত কন্টেইমেন্ট জ'নৰ ভিতৰত থকা ৭০টা পৰিযালৰ লোকসকল ১৪দিন বাহিৰত ওলাব নোবাৰিব বুলি প্ৰশাসনে নিৰ্দেশ জাৰি কৰে । লগতে উক্ত অঞ্চলটোত অন্য কোনো লোকেও প্ৰৱেশ কৰিব নোবাৰিব বুলি প্ৰশাসনে নিৰ্দেশ জাৰি কৰে ।

লগতে পঢ়ক- ভয়ংকৰ অৱস্থাত জালুকবাৰী উৰণীয়া সেঁতু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.