ETV Bharat / state

বকোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সামগ্ৰী বিতৰণ - Boku autonomous council

সামগ্ৰী বিতৰণ অনুষ্ঠানটোত প্ৰায় 500 হিতাধিকাৰীৰ মাজত কম্বল,টিনপাত আৰু প্ৰায় 400 টা বিভিন্ন দল সংগঠনক প্লাষ্টিকৰ চকী,মূগা সূতা প্ৰস্তুত কৰা মেচিন আদি সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷

goods-distributed-among-beneficiary-at-boku-autonomous-council
বকোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সামগ্ৰী বিতৰণ
author img

By

Published : Jan 11, 2021, 4:46 PM IST

Updated : Jan 11, 2021, 5:06 PM IST

বকো,11 জানুৱাৰী: 2019-20 বৰ্ষৰ বিত্তীয় পুঁজিৰে,সোমবাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 27 নং বকো পৰিষদীয় সমষ্টিৰ হিতাধিকাৰী সকলৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰে পৰিষদে ৷ এই কাৰ্যসূচীত মুখ্য পৃষ্ঠপোষক হিচাপে অংশগ্ৰহণ কৰে পৰিষদীয় সমষ্টিটোৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই ৷ প্ৰায় 500 হিতাধিকাৰীৰ মাজত কম্বল আৰু প্ৰায় 400 টা বিভিন্ন দল সংগঠনক বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় বুলি জনাইছে কাৰ্যবাহী সদস্য সুমিত ৰাভাই ৷

বকোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সামগ্ৰী বিতৰণ

মূলত শীতৰ পৰা ৰক্ষা কৰিবলৈ দূখীয়া পৰিয়ালক কম্বল,টিনপাত বিতৰণ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক প্লাষ্টিকৰ চকী,মূগা পালকৰ সকলৰ বাবে মূগা সূতা প্ৰস্তুত কৰা মেচিন,বিভিন্ন ক্লাৱক ফুটবল, খেতিয়কসকলক স্প্ৰে মেচিন,পাৱাৰ পাম্প আদি বিতৰণ কৰা হয় ৷ আনহাতে,বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা সঞ্জয় কুমাৰক সম্বৰ্ধনা জনাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ৷

লগতে পঢ়কঃ আৰু এটা নতুন ৰাজনৈতিক দলঃ নেতৃত্বত মহন্ত !

Last Updated : Jan 11, 2021, 5:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.