ETV Bharat / state

ক'ভিড ৰোগীৰ অংগ ক্ষতৰ অভিযোগ সন্দৰ্ভত ডাঃ অভিজিৎ শৰ্মাৰ প্ৰতিক্ৰিয়া - স্বাস্থ্য বিভাগ

ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ অংগ কাটি ৰখাৰ অভিযোগে এতিয়া তোলপাৰ লগাইছে ৰাজ্যত ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগ (Health Department)ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।

GMCH superintendent Abhijit sarma's reacts on covid patient complain
ক'ভিড ৰোগীৰ অংগ ব্যৱসায়ঃ GMCH ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jul 6, 2021, 9:32 PM IST

গুৱাহাটী, 6 জুলাই : গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন ৰোগীৰ অংগ চিকিৎসালয় কৰ্তৃপক্ষই কাটি ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ মৃতদেহটোৰ চকুৰ পৰা আৰম্ভ কৰি শৰীৰৰ কেইবাটাও অংগ কাটি নিয়াৰ অভিযোগ তুলিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে ৷ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷ এই অভিযোগক ভুৱা আখ্যা দিছে অধীক্ষক গৰাকীয়ে ৷

মৃত লোকজনৰ পৰিয়ালে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(GMCH)ৰ অধীক্ষক গৰাকীয়ে ৷ লগতে এই ভুৱা অভিযোগৰ উত্থাপন কৰা তথা চিকিৎসকক ধমকি দিয়াৰ বাবে এক গোচৰো ৰুজু কৰা হৈছে বুলি জনাইছে ডাঃ অভিজিৎ শৰ্মাই ৷ আনহাতে মৃতদেহটোৰ পৰা কোনো ধৰণৰ অংগ কটা হোৱা নাই বুলি স্পষ্ট কৰি এই সন্দৰ্ভত ইতিমধ্যেই মৃতদেহৰ ফটো প্ৰকাশ কৰা হৈছে বুলি মন্তব্য় কৰিছে অধীক্ষক গৰাকীয়ে ৷ এইধৰণৰ ভুৱা অভিযোগ আনিব নাপায় বুলি মন্তব্য কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷

ক'ভিড ৰোগীৰ অংগ ব্যৱসায়ঃ GMCH ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে,ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা নগাঁৱৰ এজন লোকৰ অংগ কাটি ৰখাৰ অভিযোগে এতিয়া তোলপাৰ লগাইছে ৷ মৃতদেহটোৰ চকুৰ পৰা আৰম্ভ কৰি শৰীৰৰ কেইবাটাও অংগ কাটি নিয়াৰ অভিযোগ তুলিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ অভিযোগ মতে,মৃতদেহটোত নাছিল এটা চকু আৰু কটা আছিল পেটৰ তলৰ অংশ ৷ ইয়াকে দেখি হতভম্ব হৈ পৰিছিল পৰিয়াল আৰু আত্মীয় ৷

তদুপৰি হাস্পতাল কৰ্তৃপক্ষই পৰিয়ালক মৃতদেহ চমজাই নিদি গুৱাহাটীতে সৎকাৰ কৰিছিল ৷ ইয়াকে লৈ এতিয়া সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়কঃ ক'ভিডত মৃত্যু হোৱা লোকৰ শৰীৰৰ অংগ কাটি ৰখাৰ ভয়ংকৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.