ETV Bharat / state

মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলালে গৌৰৱ-ৰিপুণে - অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ

54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ হেভীৱেট প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে ৷ মহানগৰীৰ লখৰাৰ পৰা আৰম্ভ হোৱা বিশাল বাইক ৰেলীৰে চলোৱা নিৰ্বাচনৰ প্ৰচাৰত হাজাৰৰো অধিক লোকে যোগদান কৰে ৷ এই বিশাল ৰেলী আৰম্ভ কৰি সাংসদ গৌৰৱ গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছে আশানুৰূপ ফলাফল দেখুৱাব বুলি মন্তব্য কৰে ৷

মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলালে গৌৰৱ আৰু ৰিপুনে

author img

By

Published : Apr 1, 2021, 6:26 PM IST

গুৱাহাটী,1 এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই 54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ হেভীৱেট প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে ৷ মহানগৰীৰ লখৰাৰ পৰা আৰম্ভ হোৱা বিশাল বাইক ৰেলীৰে চলোৱা নিৰ্বাচনী প্ৰচাৰত হাজাৰৰো অধিক লোকে যোগদান কৰে ৷ এই বিশাল ৰেলী আৰম্ভ কৰি সাংসদ গৌৰৱ গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছে আশানুৰূপ ফলাফল দেখুৱাব বুলি মন্তব্য কৰে ৷

ইফালে ৰাজদ্বীপ ৰয়ৰ মন্তব্য সন্দৰ্ভত সাংসদ গগৈয়ে কয়, তেওঁলোকে দেখোন বংগ আৰু অসমত দুটা স্থিতি গ্ৰহণ কৰিছে ৷ অসমত এইবাৰ টোলগেট আৰু এনআৰচিৰ কথা ভাবিহে ৰাইজে ভোটদান কৰিব ৷ একেদৰে বিপিএফ প্ৰাৰ্থীয়ে ইউপিপিএলত যোগদান কৰাৰ প্ৰসংগত সাংসদ গৰাকীয়ে কয়, সময়ত আমিও খেলা দেখুৱাম ৷ খেলা হবে ৷

মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

উল্লেখ্য যে, একেটা ৰেলীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অংশগ্ৰহণ কৰি কয়, দ্বিতীয় পৰ্যায়ত আমি 28 খন আসন লাভ কৰিম ৷ অমিত শ্বাহে নিজে গৃহমন্ত্ৰী হৈও অসমৰ পৰা বিদেশী খেদিব নোৱাৰিলে ৷ চৰাই মৰাৰ কথা কৈ কথাৰ ফুলজাৰি মাৰিবহে জানে ৷ আমি এতিয়া মহাজোঁটৰ 5 গেৰাণ্টিৰ কথাহে চিন্তা কৰিছো, বদৰুদ্দিন আজমলৰ কথা নহয় ৷ আনহাতে, এই বিশাল ৰেলীত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, ড° জুৰি শৰ্মা বৰদলৈৰ লগতে কংগ্রেছ মহাজোঁটৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ।

মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলালে গৌৰৱ-ৰিপুণে
লগতে পঢ়ক: হোজাইৰ ৩টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.