ETV Bharat / state

আহাৰ গ্ৰহণ কৰিবলৈ যোৱা গৌৰৱ-ৰকিবুলক আমিনগাঁৱত বাধা প্ৰদান - বুথ সংকল্প শিবিৰ

শনিবাৰে এসাঁজ ভাতক কেন্দ্ৰ কৰি আমিনগাঁৱত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ৷ বুথ সংকল্প শিবিৰত অংশগ্ৰহণ কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সভাৰ শেষত দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ যাওঁতেই বাধাৰ সন্মুখীন হয় একাংশ বিজেপি কৰ্মীৰ ৷

gaurab-gogoi-in-amingaon
আহাৰ গ্ৰহণ কৰিবলৈ যোৱা গৌৰৱ-ৰকিবুলক আমিনগাঁৱত বাধা প্ৰদান
author img

By

Published : Feb 27, 2021, 7:41 PM IST

গুৱাহাটী,27ফেব্ৰুৱাৰী : শনিবাৰে এসাঁজ ভাতক কেন্দ্ৰ কৰি আমিনগাঁৱত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ৷ এই আহাৰ গ্ৰহণ কৰিবলৈ কোনো সাধাৰণ লোক যোৱা নাছিল ৷ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল কংগ্ৰেছৰ দুই হাইপ্ৰফাইল নেতাই ৷ জানিব পৰা মতে, শনিবাৰে কংগ্ৰেছে জালুকবাৰী সমষ্টিৰ আমিনগাঁৱত আয়োজন কৰিছিল বুথ সংকল্প শিবিৰ ৷ ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ প্ৰথম দিনটোতে বুথ সংকল্প শিবিৰত অংশগ্ৰহণ কৰিছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

আহাৰ গ্ৰহণ কৰিবলৈ যোৱা গৌৰৱ-ৰকিবুলক আমিনগাঁৱত বাধা প্ৰদান

দুয়োগৰাকী নেতাৰ বাবে সভাৰ শেষত দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰা হৈছিল আমিনগাঁৱৰ উপৰবড়িৰ ফাগুনা দাসৰ বাসগৃহত ৷ কিন্তু তেনে সময়ত একাংশ বিজেপি কৰ্মীৰ বাধাৰ সন্মুখীন হয় দুয়োগৰাকী নেতাসহ কংগ্ৰেছ কৰ্মীসকল ৷ অৱশেষত সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আহাৰ গ্ৰহণ কৰে যদিও প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুব্ধ হোৱাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকিত হৈ এনে কাণ্ড কৰা বুলি অভিযোগ কৰি কঠোৰ সমালোচনা কৰে ৷

লগতে পঢ়কঃ অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ চেষ্টা চলাম : তেজস্বী যাদৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.