ETV Bharat / state

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা

author img

By

Published : Feb 7, 2021, 6:00 PM IST

দেওবাৰে বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্য়ালয়ত 'নৱাগত আদৰণি সভা'ৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিক্ষাৰ্থীসকলে ।

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা
বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা

বকো, ৭ ফেব্ৰুৱাৰী: বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্য়ালয়ত উখল-মাখল পৰিৱেশ । মহাবিদ্যালয়খনৰ 'নৱাগত আদৰণি সভা'ৰ বাৰেৰহণীয়া কাৰ্যসূচীৰে মুখৰিত হৈ পৰে মহাবিদ্য়ালয়খন । উল্লেখ যে কৰ'ণা মহামাৰীৰ পিছত পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ লগে লগে প্ৰথমবাৰলৈ শিক্ষানুষ্ঠানখনত এই ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ইয়াৰ পূৰ্বে মহামাৰীৰ বাবে বাতিল কৰা হৈছিল নৱাগত আদৰণি সভাৰ কাৰ্যসূচী ।

শনিবাৰে আয়োজিত এই সভাত শিক্ষাৰ্থীসকলে গীত, নৃত্য়, কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইফালে মহাবিদ্যালয়খনৰ নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ এক চিনাকি পৰ্ব কাৰ্যসূচীও ৰূপায়ণ কৰা হয় । অনুষ্ঠানত ন-পুৰণি শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: মোদীৰ সভাৰ পিছতে ভোটপাৰাত তীব্ৰ যানজঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.